ETV Bharat / sports

ৰাঁচী টেষ্ট : ভাৰতক জয় বাবে প্ৰয়োজন দুই উইকেটৰ

ৰাঁচী টেষ্টৰ তৃতীয় দিনৰ অন্তত 8 উইকেটৰ পতন দক্ষিণ আফ্ৰিকাৰ ৷ ফল অনৰ সন্মুখীন হয় ধৰাশায়ী বিদেশী দলটো ৷

author img

By

Published : Oct 21, 2019, 7:02 PM IST

ৰাঁচী টেষ্ট : ভাৰতক জয় বাবে প্ৰয়োজন দুই উইকেটৰ

স্পৰ্টছ ডেস্ক, 21 অক্টোবৰ: ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাঁচী অনুষ্ঠিত হৈ থকা অন্তিমখন টেষ্টত শক্তিশালী স্থিতিত ভাৰত ৷ তিনিখন মেচৰ টেষ্ট শৃংখলাত ক্লীন চুইপৰ সুযোগ ভাৰতৰ ৷ মাত্ৰ দুটা উইকেটৰ প্ৰয়োজন বিৰাট বাহিনী নেতৃত্বাধীন ভাৰতীয় দলটোক ৷ ভাৰতৰ 497 ৰানৰ প্ৰথম ইনিংছৰ বিনিময়ত দক্ষিণ আফ্ৰিকাৰ দলটোৱে প্ৰথম ইনিংছত 162 ৰানত অল আউট হোৱাৰ বিপৰীতে দ্বিতীয় ইনিংছটো 132 ৰানত হেৰুৱাইছে নিজৰ 8 টা উইকেট ৷ ভাৰতে 9 উইকেট হেৰুৱাই 497 ৰানত ইনিংছ ঘোষণা কৰিছিল ৷ ভাৰতৰ এই বিশাল স্ক’ৰত মুখ্য ভূমিকা পালন কৰিছিল ৰোহিত শৰ্মাৰ 212 ৰান,অজ্যিংকা ৰাহানেৰ 115 ৰান,ৰবিন্দ্ৰ জাডেজাৰ 51 ৰানৰ লগতে উমেশ যাদৱৰ 10টা বলত বিস্ফোৰক 31 ৰানৰ ইনিংছে ৷ দক্ষিণ আফ্ৰিকাৰ হৈ জৰ্জী লিণ্ডেই সৰ্বাধিক 4 টা আৰু কাগিছ ৰাবাডাই 3 টা উইকেট দখল কৰিছিল ৷

ৰাঁচী টেষ্টত শক্তিশালী স্থিতিত ভাৰত
ৰাঁচী টেষ্টত শক্তিশালী স্থিতিত ভাৰত

ইপিনে দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত (162 ৰান) জুৱায়েৰ হামজাই সৰ্বাধিক 62,টেম্বা বাবুমাই 32 আৰু জৰ্জী লিণ্ডেই 37 ৰান কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ উমেশ যাদৱে 3 টা,মহম্মদ শামী,শ্বাহবাজ নদিম আৰু ৰবিন্দ্ৰ জাডেজাই 2 টাকৈ উইকেট দখল কৰে ৷ আনহাতে দ্বিতীয় ইনিংছতো দক্ষিণ আফ্ৰিকাৰ দলটোৱে ভাৰতৰ শক্তিশালী বলিঙৰ আগত তচনচ হৈ পৰে ৷ দলটোৰ এজন বেটছমেনে অৰ্ধশতকৰ ঘৰ চুবলৈ সক্ষম নহয় ৷ বৰ্তমান থেউনিছ ডি ব্ৰুৱেনে সৰ্বাধিক 30 ৰান কৰি ক্ৰীজত অধিষ্ঠিত আছে ৷ ভাৰতৰ হৈ মহম্মদ ছামীয়ে 3 টা, উমেশ যাদৱে 2 টা, ৰবিন্দ্ৰ জাডেজা আৰু আশ্বিনে 1 টাকৈ উইকেট লাভ কৰিছে ৷ ভাৰতে বিশাখাপট্টনম টেষ্টত 203 ৰান আৰু পুনে টেষ্টত এটা ইনিংছসহ 137 ৰানত জয় লাভ কৰিছিল ৷

  • ভাৰতৰ প্ৰথম ইনিংছ- 497/9 ইনিংছ ঘোষণা ( ৰোহিত শৰ্মা- 212, আজ্য়িংকা ৰাহানে- 115 )
  • দক্ষিণ আফ্ৰিকা প্ৰথম ইনিংছ- 162 অল আউট ( জুৱায়েৰ হামজা- 62, টেম্বা বাবুমা- 32 )
  • দক্ষিণ আফ্ৰিকা দ্বিতীয় ইনিংছ- 132/ 8 উইকেট ( থেউনিছ ডি ব্ৰুৱেন- 30*, এনৰিক নৰ্টজে- 5* )

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.