স্পৰ্টছ ডেস্ক, 13 জুনঃ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্ক'ট ম'ৰিছনে শুকুৰবাৰে বিশ্বকাপৰ আয়োজনক লৈ সেউজ সংকেতৰ ইংগিত বহন কৰাৰ পাচতেই বিচিচিআইৰ গুৰুত্বপূৰ্ণ মন্তব্য । টি-20 বিশ্বকাপত ভাৰতে অংশগ্ৰহণ কৰিব নে নাই সেইয়া ভাৰত চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰিছে বিচিচিআইৰ এজন বিষয়াই ।
উল্লেখ্য় যে, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে 40 হাজাৰ দৰ্শক বহি উপভোগ কৰা ষ্টেডিয়াম সমূহত 10 হাজাৰ লোকক বহুৱাব পৰা যাব বুলি এক মন্তব্য প্ৰকাশ কৰি অষ্ট্ৰেলিয়াত টি-20 বিশ্বকাপ আয়োজনৰ পৰিৱেশৰ ইংগিত দিয়ে ।
বিচিচিআইৰ এগৰাকী বিষয়াই এক সংবাদ সংস্থাক জনোৱা মতে,ভাৰতীয় ক্ৰিকেট দলটোৱে বিশ্বকাপত অংশগ্ৰহণৰ ইচ্ছা প্ৰকাশ কৰিছে যদিও চূড়ান্ত সিদ্ধান্ত ভাৰত চৰকাৰ আৰু স্বাস্থ্য বিষয়ববীয়াৰ ওপৰত বুলি উল্লেখ কৰে । কাৰণ চৰকাৰৰ প্ৰথম প্ৰাথমিকতা হ'ব খেলুৱৈৰ সুৰক্ষা ।
বিষয়াগৰাকীয়ে কয়,অষ্ট্ৰেলিয়াৰ এই সাহকিতা সিদ্ধান্ত নিশ্চিত ভাৱে অষ্ট্ৰেলিয়াত খেল আয়োজনৰ পৰিস্থিতিৰ অৱলোকনৰ পাচতেই লোৱা হৈছে । আমি টি-20 বিশ্বকাপৰ অংশীদাৰ হ'বলৈ পালে সুখী অনুভৱ কৰিম । কিন্তু বহু কেইটা দিশলৈ আমি গুৰুত্ব প্ৰদান কৰিব লাগিব যিবোৰ স্বাস্থ্য় সম্বন্ধীয় হয় । সেই কেইটা বিষয় বিবেচনা কৰাৰ পিচত হে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যিটো বিচিচিআইৰ হাতত নাই ।
খেলুৱৈ আৰু অনুৰাগীৰ সুৰক্ষাৰ দিশটো অতিকৈ গুৰুত্বপূৰ্ণ । এনে নহয় যে, মুম্বাইৰ পৰা পূণেলৈ অ-সংক্ৰমিত বাছত খেলুৱৈ সকলে যাত্ৰা কৰিব । তাত খেলাৰ লগতে খেলি ঘূৰি আহিব লাগিব,নিজৰ-নিজৰ ঘৰত সুৰক্ষিত পৰিৱেশত উপস্থিত হ'ব লাগিব ।
শেহতীয়াকৈ COVID-১৯ ৰ দীৰ্ঘম্যাদি আৰু লক্ষণবিহীন ঘটনাক প্ৰত্যক্ষ কৰি ষ্টেডিয়ামত দৰ্শকৰ উপস্থিতিত বিশ্বকাপৰ আয়োজন বিপদজনক হ'ব পাৰে বুলি উল্লেখ কৰিছে বিচিচিআইৰ বিষয়াগৰাকীয়ে ।
অৱশ্যে টি-20 বিশ্বকাপ আয়োজন কৰা নকৰা বিষয় সন্দৰ্ভত এতিয়া লৈ কোনো সিদ্ধান্তত উপনীত হোৱা নাই আইচিচি । অনুমান কৰা হৈছে অহা মাহত ইয়াৰ ওপৰত চূড়ান্ত ৰায় ঘোষণা কৰিব আইচিচিয়ে । এতিয়া আইচিচিৰ সিদ্ধান্তলৈ সকলোৰে দৃষ্টি নিৱদ্ধ থাকিব ।
লগতে পঢ়কঃ বাঘজানৰ আশ্ৰয় শিবিৰত আলফা নেতা জিতেন দত্ত