ETV Bharat / sports

উমৰ আকমলক ৩ বছৰৰ নিষেধাজ্ঞা পিচিবিৰ

author img

By

Published : Apr 28, 2020, 5:12 PM IST

৩ বছৰৰ নিষেধাজ্ঞা প্ৰদান পাকিস্তানৰ ক্ৰিকেটাৰ উমৰ আকমলক । অৱশ্যে পাকিস্তান ক্ৰিকেট বৰ্ডে উমৰ আকমলৰ বিৰুদ্ধে ঘোষণা কৰা নিষেধাজ্ঞাৰ সুনিৰ্দিষ্ট কাৰণ প্ৰকাশ কৰা নাই । কিন্তু চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দুটি অপ্ৰাসংগিক ঘটনাৰ বাবে ব'ৰ্ডে দুৰ্নীতি দমন আইনৰ ২.৪.৪ অনুচ্ছেদ উলংঘনৰ অভিযোগত তেওঁৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছিল ।

PCB hands Umar Akmal three-year ban for breach of anti-corruption code

স্পৰ্টছ ডেস্ক, ২৮ এপ্ৰিলঃ নিষিদ্ধ ঘোষিত কৰা হ'ল পাকিস্তানৰ ক্ৰিকেটাৰ উমৰ আকমলক । সোমবাৰে পাকিস্তান ক্ৰিকেট ব'ৰ্ডে ৩ বছৰৰ বাবে সকলো ধৰণৰ ক্ৰিকেট ফৰ্মেটৰ পৰা নিষিদ্ধ ঘোষণা কৰিছে উমৰ আকমলক । দুমাহ পূৰ্বৰ পৰা দুৰ্নীতি দমন আইনৰ অধীনত চলি থকা তদন্তৰ পাচতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ব'ৰ্ডে ।

অৱশ্য়ে পাকিস্তান ক্ৰিকেট ব'ৰ্ডে উমৰ আকমলক নিষিদ্ধ ঘোষণা কৰাৰ নিৰ্দিষ্ট কাৰণ প্ৰকাশ কৰা নাই । কিন্তু চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দুটি অপ্ৰাসংগিক ঘটনাৰ বাবে ব'ৰ্ডে দুৰ্নীতি দমন আইনৰ ২.৪.৪ অনুচ্ছেদ উলংঘনৰ অভিযোগ উত্থাপন কৰি আকমলৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছিল ।

৩ বছৰৰ নিষেধাজ্ঞা উমৰ আকমলক
৩ বছৰৰ নিষেধাজ্ঞা উমৰ আকমলক

অনুশাসন পেনেলৰ চেয়াৰমেন তথা অৱসৰ প্ৰাপ্ত ন্যায়াধীশ ফেজল-ই-মিৰাণ চৌহানে টুইট যোগে উমৰ আকমলক ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা ৩ বছৰৰ নিষেধাজ্ঞা কৰাৰ কথা প্ৰকাশ কৰে ।

  • Umar Akmal handed three-year ban from all cricket by Chairman of the Disciplinary Panel Mr Justice (retired) Fazal-e-Miran Chauhan.

    — PCB Media (@TheRealPCBMedia) April 27, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২৯ বছৰীয়া খেলুৱৈগৰাকীক তেওঁৰ পিএছএলৰ কোয়েটা গ্ল্যেডিয়েটৰ্ছ দলৰ পৰাও ইছলামাবাদৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী মেচৰ কেইঘণ্টা মান পূৰ্বেই দলৰ পৰা বাতিল কৰি দিয়া হৈছিল ।

উমৰ আকমলে পাকিস্তানৰ হৈ ১৬ খন টেষ্ট, ৮৪ খন টি-২০ আৰু ১২১ খন এদিনীয়া মেচত অংশগ্ৰহণ কৰিছিল । আকমলে পাকিস্তানৰ হৈ টেষ্টত ১০০৩ ৰান, এদিনীয়াত ৩১৯৪ ৰান, আৰু টি-২০ ত ১৬৯০ ৰান কৰিবলৈ সক্ষম হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.