স্পৰ্টছ ডেস্ক, 9 নৱেম্বৰ : ভাৰতীয় বেটছমেন পাৰ্থিৱ পেটেলে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা অৱসৰ ঘোষণা কৰিছে ৷ 35 বৰ্ষীয় ক্ৰিকেটাৰগৰাকীয়ে 2016 চনত আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অন্তিমবাৰৰ বাবে অংশগ্ৰহণৰ সুযোগ লাভ কৰিছিল ৷
বাঁওহতীয়া বেটছমেনগৰাকীয়ে ভাৰতৰ হৈ 25 খন টেষ্ট, 38 খন এদিনীয়া আৰু দুখন টি-20 ত অংশগ্ৰহণ কৰিছিল ৷ আনহাতে, গুজৰাটৰ হৈ 194 খন প্ৰথম শ্ৰেণীৰ মেচত অংশগ্ৰহণ কৰিছিল তেওঁ ৷
- — parthiv patel (@parthiv9) December 9, 2020 " class="align-text-top noRightClick twitterSection" data="
— parthiv patel (@parthiv9) December 9, 2020
">— parthiv patel (@parthiv9) December 9, 2020
2002 চনত তেওঁ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ ঘটাইছিল আৰু টেষ্ট ক্ৰিকেটত সৰ্ব কনিষ্ঠ কীপাৰ হিচাপে অংশগ্ৰহণ কৰাৰ গৌৰৱ অৰ্জন কৰিছিল ৷ তেওঁ 17 বছৰ 153 দিনত আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ ঘটাইছিল ৷
দিনেশ কাৰ্তিক আৰু মহেন্দ্ৰ সিং ধোনীৰ দৰে কীপাৰ ভাৰতে লাভ কৰাৰ ফলত পেটেলৰ স্থান দলত লাহে লাহে নাইকিয়া হৈ আহিছিল ৷
এক সংবাদ মাধ্যমক পাৰ্থিৱে কয়, "মই মেচখন ভালদৰে মনত ৰাখিছো ৷ দিল্লীৰ বিৰুদ্ধে সেই মেচত আমি জয়ী হ'ব লাগিছিল ৷ মই অভিজ্ঞ ক্ৰিকেটাৰ যেনে, আশীষ নেহৰা, আকাশ চোপ্ৰা, গৌতম গম্ভীৰ, মিথুন মানহাছ, অমিক ভান্দাৰী, চৰণদ্বীপ সিং, বিজয় দাহিয়া আদিৰ বিৰুদ্ধে খেলিছিলো ৷ 156 ৰাণ অনুসৰণ কৰি দিল্লীয়ে ন উইকেট হেৰুৱাই 102 ৰাণ সংগ্ৰহ কৰিছিল ৷ আমি প্ৰায় জয়ৰ দোৱাৰদলিত উপস্থিত হৈছিলো ৷ এয়া মোৰ কেৰিয়াৰৰ ভাল আৰম্ভণি আছিল ৷"
আইপিএলত তেওঁ 2020 বৰ্ষত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ অংশগ্ৰহণ কৰিছিল ৷ অন্তিমবাৰৰ বাবে তেওঁ 2016 চনত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল ৷ মোহালীত অনুষ্ঠিত এখন টেষ্ট মেচত তেওঁ ঋধিমান চাহাৰ পৰিৱৰ্তে দলত স্থান লাভ কৰিছিল ৷ সেই মেচত দুটা ভাল ইনিংছ খেলিবলৈ সক্ষম হৈছিল পাৰ্থিৱ ৷ ইয়াৰে দ্বিতীয় ইনিংছত তেওঁ 54 বলত 67 ৰাণ গঢ়ি ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷
লগতে পঢ়ক : ভাৰত বনাম অষ্ট্ৰেলিয়া : প্ৰথম টেষ্টৰ পৰা বাহিৰ ডেভিদ ৱাৰ্ণাৰ