ETV Bharat / sports

দ্বিতীয়খন টি-20 ত জয়লাভ ইংলেণ্ডৰ - পাকিস্তান

পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা তিনিখন মেচৰ টি-20 শৃংখলাৰ দ্বিতীয়খন মেচত জয় লাভ ইংলেণ্ডৰ ৷ 196 ৰানৰ লক্ষ্য অতিক্ৰম কৰি 5 উইকেটত জয় লাভ ঘৰুৱা দলটোৰ ৷

Pakistan vs England : England won 2nd T20 Match

author img

By

Published : Aug 31, 2020, 3:14 PM IST

স্পৰ্টছ ডেস্ক, 31 আগষ্ট: মানচেষ্টাৰত অনুষ্ঠিত হোৱা দ্বিতীয়খন টি-20 মেচত জয় লাভ ঘৰুৱা দল ইংলেণ্ডৰ ৷ পাকিস্তানৰ 196 ৰানৰ লক্ষ্য 19.1 অভাৰতেই 5 উইকেট হেৰুৱাই অতিক্ৰম কৰিবলৈ সক্ষম হয় ইয়ন মৰ্গান নেতৃত্বাধীন ইংলেণ্ড দলটোৱে ৷

দ্বিতীয়খন টি-20 ত জয় লাভ ইংলেণ্ডৰ
দ্বিতীয়খন টি-20 ত জয় লাভ ইংলেণ্ডৰ

ইংলেণ্ডৰ হৈ এই লক্ষ্য অতিক্ৰম কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে দলটোৰ অধিনায়ক ইয়ন মৰ্গান, ডেৱুইড মালান আৰু জনী বেয়ৰ’ষ্টই ৷ মৰ্গানে 66, বেয়ৰ’ষ্টই 44 আৰু মালানে অপৰাজিত 54 ৰান কৰিবলৈ সক্ষম হয় ৷ ইয়ন মৰ্গানক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয় ৷ পাকিস্তানৰ হৈ ছাদাৱ খানে 3 টা আৰু হাৰিছ ৰৌফে 2 টা উইকেট লাভ কৰে ৷

দ্বিতীয়খন টি-20 : পাকিস্তান বনাম ইংলেণ্ড

মেচখনত পাকিস্তানে নিৰ্ধাৰিত 20 অভাৰত চাৰি উইকেট হেৰুৱাই 195 ৰান কৰিবলৈ সক্ষম হৈছিল৷ পাকিস্তানৰ হৈ মহম্মদ হাফিজে সৰ্বাধিক 69 ৰান কৰাৰ বিপৰীতে অধিনায়ক বাবৰ আজমে 56 ৰান কৰিবলৈ সক্ষম হয় ৷ প্ৰথমখন মেচ বৰষুণৰ বাবে বাতিল হোৱাৰ পাচত শৃংখলাত ইংলেণ্ডে 1-0 ৰ অগ্ৰগতি ল’বলৈ সক্ষম হৈছে ৷ অন্তিমখন মেচ অহা 1 ছেপ্তেম্বৰত এইখন খেলপথাৰতেই অনুষ্ঠিত হ’ব ৷

লগতে চাওক-IPL-2020 ত নেখেলে CSK ৰ তাৰকা অলৰাউণ্ডাৰ সুৰেশ ৰাইনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.