ETV Bharat / sports

পাকিস্তান নে শ্ৰীলংকা ! ক'ত অনুষ্ঠিত হ'ব এছিয়া কাপ ?

author img

By

Published : Jun 13, 2020, 4:35 PM IST

শ্ৰীলংকা ক্ৰিকেট ব'ৰ্ডক এছিয়া কাপ 2020 ৰ আয়োজনৰ প্ৰস্তাৱ পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ । পাকিস্তানত কৰ'ণা ভাইৰাছৰ বৰ্ধিত আক্ৰান্তৰ প্ৰতি লক্ষ্য ৰাখিয়ে পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ এই প্ৰস্তাৱ ।

pakistan cricket board offered srilanka to organise asia cup

স্পৰ্টছ ডেস্ক, 13 জুনঃ চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া এছিয়া কাপ 2020 ৰ আয়োজনৰ বাবে শ্ৰীলংকা ক্ৰিকেট ব'ৰ্ডক প্ৰস্তাৱ পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ । চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত আয়োজনৰ কথা এই প্ৰতিযোগিতা । নিয়ম অনুসৰি এইবাৰ পাকিস্তানত আয়োজনৰ কথা যদিও পাকিস্তানত কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ পাচতেই এই প্ৰতিযোগিতা আয়োজনক লৈ নামি আহিছে অনিশ্চয়তা । যাৰ বাবে শেহতীয়াকৈ অনুষ্ঠিত হোৱা এছিয়া ক্ৰিকেট পৰিষদৰ বৈঠকত শ্ৰীলংকাক এই প্ৰতিযোগিতা আয়োজনৰ প্ৰস্তাৱ দাঙি ধৰিছে পাকিস্তানে ।

শ্ৰীলংকা ক্ৰিকেট ব'ৰ্ডক এছিয়া কাপ আয়োজনৰ প্ৰস্তাৱ পাকিস্তানৰ

অৱশ্যে পাকিস্তানে শ্ৰীলংকাত 2022 চনত হ'বলগীয়া এছিয়া কাপৰ আয়োজনৰ প্ৰস্তাৱ শ্ৰীলংকাৰ পৰা বিচাৰিছে । আনহাতে পাকিস্তানত এই প্ৰতিযোগিতা আয়োজন হ'লেও ভাৰতীয় ক্ৰিকেট দলৰ অংশগ্ৰহণৰো সম্ভাৱনা তেনেই ক্ষীণ । অৱশ্যে এতিয়াও প্ৰতিযোগিতাখনক লৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই । উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ প্ৰকোপ অন্য দেশৰ তুলনাত শ্ৰীলংকাত কিছু কম । ইতিমধ্য়ে শ্ৰীলংকান খেলুৱৈ সকলে অনুশীলনো আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ।

শ্ৰীলংকা ক্ৰিকেট দলে শেহতীয়াকৈ ভাৰত আৰু বাংলাদেশৰ বিৰুদ্ধে দ্বিপক্ষীয় শৃংখলাৰ প্ৰস্তাৱ দাঙি ধৰিছিল । অৱশ্যে সুৰক্ষা কাৰণ আৰু ভ্ৰমণ বাতিল থকা অজুহাত দেখুৱাই ভাৰতে এই প্ৰস্তাৱ স্থগিত ৰাখিছে ।

2010 চনৰ পাচৰ পৰা শ্ৰীলংকা ক্ৰিকেট ব'ৰ্ডে এবাৰো এছিয়া কাপৰ আয়োজন কৰা নাই । গতিকে শ্ৰীলংকা ব'ৰ্ডৰ বাবে আয়োজনৰ এটি সুযোগ আহি পৰিছে । গতিকে পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব শ্ৰীলংকা ক্ৰিকেট ব'ৰ্ডে পাকিস্তান ক্ৰিকেট ব'ৰ্ডে প্ৰদান কৰা প্ৰস্তাৱ গ্ৰহণ কৰে নে নকৰে ।

লগতে চাওকঃ মালিগাঁৱৰ কণ্টেইনমেন্ট জ'ন পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.