স্পৰ্টছ ডেস্ক, 16 মাৰ্চঃ আগন্তুক ২৩ তাৰিখৰ পৰা আৰম্ভ হ'ব বিশ্ব ক্ৰিকেটৰ জনপ্ৰিয় লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল ।বিচিচিআইয়ে আয়োজন কৰা এই লীগত ভাগ লৈ আহিছে মুঠ আঠটাকৈ দলে । ২০০৮ চনত পোনপ্ৰথম বাৰৰ বাবে আৰম্ভ হোৱা এই লীগৰ এইটো হৈছে দ্বাদশ সংস্কৰণ । বিশ্বকাপৰ পূৰ্বে এইবাৰৰ আইপিএল ভাৰতীয় দলৰ বাবে হ'ব যথেষ্ট গুৰুত্বপূৰ্ণ । আনহাতে বিশ্বকাপৰ বাবেই বহু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈয়ে এইবাৰ আই পি এলত অংশ লোৱাৰ পৰা বিৰত থাকিব ৷ য’ত আছে অষ্ট্ৰেলিয়াৰ বহু তাৰকা খেলুৱৈ ৷ গতিকে ভাৰতীয় ক্ৰিকেট দলৰ সদস্য সকলেও এই দিশটোৰ প্ৰতি লক্ষ্য ৰখা উচিত ৷ ইতিমধ্যে এই লীগক লৈ দৰ্শৰ মাজত দেখা পোৱা গৈছে তীব্ৰ উৎসাহ ৷
লক্ষ্যণীয় যে, এইবাৰৰ আই পি এল আৰম্ভণি হ’ব কিছু ব্যতিক্ৰম ৷ কাৰণ এইবাৰ নাথাকিব উদ্বোধন অনুষ্ঠান ৷ উদ্বোধনৰ সমস্ত ৰাশি প্ৰদান কৰা হ’ব পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণ নিহত হোৱা জোৱান সকলৰ পৰিয়াল বৰ্গলৈ ৷
ইপিনে এইবাৰ ধোনী, ৰাইনা, ৰোহিতলৈ আছে এক অভিলেখৰ সুযোগ ৷ 200 টা ছয় সম্পূৰ্ণ কৰাৰ নিচেই কাষত এই তিনি ভাৰতীয় ৷ ধোনীয়ে বৰ্তমানলৈকে আই পি এলৰ 175 মেচত 186 টা, ৰাইনাৰ 176 মেচত 185 টা, 173 মেচত 184 টা ছয় মাৰিবলৈ সক্ষম হৈছে ৷ এতিয়া কোন 200 টা ছিক্সৰ অভিলেখ প্ৰথমে অতিক্ৰম কৰিবলৈ সক্ষম হ’য় তাক লৈ থাকিব ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি ৷ ইতিমধ্যে 292 টা ছয়েৰে শীৰ্ষ স্থানত আছে কেৰেবিয়ান খেলুৱৈ ক্ৰিছ গেইল ৷
বৰ্তমান লৈকে চেন্নাই চুপাৰ কিংছে তিনিবাৰ ( 2010, 2011, 2018), মুম্বাই ইণ্ডিয়ানছ তিনিবাৰ ( 2013, 2015, 2017 ), কলকাতা নাইট ৰাইড্ৰাৰ্ছ দুবাৰ ( 2012, 2014), ৰাজস্থান ৰয়েলেছ এবাৰ (2008), ডেকান চাৰ্জাৰ্ছ এবাৰ (2009), আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে 2016 চনত এবাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷
এইবাৰৰ দল সমূহ হৈছে
1. চেন্নাই চুপাৰ কিংছ
2. কলকাতা নাইট ৰাইড্ৰাৰ্ছ
৩. মুম্মাই ইণ্ডিয়ানছ
৪.ৰাজস্থান ৰয়েলছ
৫.দিল্লী কেপিটেল
৬.ৰয়েল চেলেঞ্জ বেংগালুৰু
৭.ছানৰাইজাৰ্ছ হায়দৰাবাদ
৮. কিংছ ইলেভেন পাঞ্জাৱ