স্পৰ্টছ ডেস্ক, 16 মাৰ্চঃ বাংলাদেশৰ বিৰুদ্ধে 2012 চনৰ 16 মাৰ্চত ঢাকাৰ শ্বেৰ-এ-বাংলা ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আন্তঃৰাষ্টীয় ক্ৰিকেটৰ 100 তম শতক সম্পূৰ্ণ কৰিছিল শচীন তেণ্ডুলকাৰে ৷ বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটৰ 49 তম শতক অৰ্জনেৰে এই অভিলেখ ৰচিবলৈ সক্ষম হৈছিল মাষ্টাৰ-ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে ৷ মেচখনত শচীনে 138 টা বলত সম্পূৰ্ণ কৰিছিল নিজৰ শতক ৷ য’ত আছিল এটা ছয়ৰ লগতে 10 টা চাৰি ৷
এবছৰৰ দীৰ্ঘদিনৰ পিচত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল খেলুৱৈগৰাকীয়ে ৷ ইয়াৰ পূৰ্বে শচীনে নিজৰ 99 শতকটো দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৰ্জন কৰিছিল 2011 চনৰ 12 মাৰ্চত ৷ শচীনৰ নামতেই আছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 100 টা শতকৰ লগতে প্ৰথমবাৰৰ বাবে এদিনীয়া ক্ৰিকেটত দ্বিশতক অৰ্জনৰ অভিলেখ ৷ শচীনৰ নামত আছে এদিনীয়া ক্ৰিকেটত 49 টা শতকৰ লগতে টেষ্ট ক্ৰিকেটত51 টা শতক ৷