ETV Bharat / sports

দ্বিতীয় টেষ্টৰ বাবে দলৰ পৰা বাহিৰ বেন ষ্টক্ছ - বেন ষ্টক্ছ

পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্টৰ বাবে বেন ষ্টক্ছৰ ঠাইত দলত স্থান লাভ অ’লি ৰবিনছনৰ ৷

ollie robinson replaces stokes in england squad for 2nd test against pakistan

author img

By

Published : Aug 12, 2020, 9:05 PM IST

স্পৰ্টছ ডেস্ক, 12 আগষ্ট : বৃহস্পতিবাৰৰ পৰা পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্টৰ বাবে দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অ’লি ৰবিনছনে ৷ ব্যক্তিগত কাৰণত দ্বিতীয় টেষ্টৰ পৰা অলৰাউণ্ডাৰ বেন ষ্টক্ছে নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ পাচতেই অ’লি ৰবিনছনক দলত স্থান দিয়া হয় ৷ ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট বৰ্ডে দেওবাৰে বেন ষ্টক্ছৰ অনুপস্থিতিৰ কথা সদৰি কৰিছিল ৷ অৱশ্যে ইচিবিয়ে খেলুৱৈগৰাকীৰ অনুপস্থিতিৰ প্ৰকৃত কাৰণ জনোৱাৰ পৰা বিৰত থাকে ৷

  • We have named our squad for the second #raisethebat Test against Pakistan 👇

    — England Cricket (@englandcricket) August 12, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইংলেণ্ডৰ ৰবিনছনে বৰ্তমানলৈকে 57 খন প্ৰথম শ্ৰেণী মেচত 244 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, খেলুৱৈগৰাকীয়ে ইয়াৰ পূৰ্বেও ইংলেণ্ড দলত অন্তৰ্ভুক্ত হৈছে যদিও টেষ্ট ক্ৰিকেটত প্ৰথমবাৰৰ বাবে অভিষেক ঘটিব খেলুৱৈগৰাকীয়ে ৷

ইংলেণ্ড বনাম পাকিস্তান
ইংলেণ্ড বনাম পাকিস্তান

ইংলেণ্ড আৰু পাকিস্তানৰ মাজত তিনিখন টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ বৃহস্পতিবাৰে এজেছ বাউলত অনুষ্ঠিত হ’ব ৷ ইতিমধ্যে শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰি আছে ইংলেণ্ড দলটোৱে ৷

লগতে চাওক-হাস্পতাললৈ প্ৰেৰণ ক'ভিডত আক্ৰান্ত ছয় হকী খেলুৱৈ : SAI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.