ETV Bharat / sports

বিশ্বকাপত ভাৰতক পৰাস্ত কৰাটো আটাইতকৈ স্মৰণীয় দিন : জিমী নীছম

author img

By

Published : Jun 3, 2020, 5:43 PM IST

ভাৰতক পৰাস্ত কৰি দলীয় সতীৰ্থৰ সৈতে ড্ৰেচিং ৰূমত সময় অতিবাহিত কৰাটো 2019 বিশ্বকাপৰ আটাইতকৈ স্মৰণীয় দিন বুলি উল্লেখ কৰে নিউজিলেণ্ডৰ অলৰাউণ্ডাৰ খেলুৱৈ জিমী নীছমে ।

neesham picks new zealands thrilling win over india in semi final as his best 2019 wc memory
neesham picks new zealands thrilling win over india in semi final as his best 2019 wc memoryneesham picks new zealands thrilling win over india in semi final as his best 2019 wc memory

স্পৰ্টছ ডেস্ক, 3 জুনঃ 2019 বিশ্বকাপৰ ছেমিফাইনেলত ভাৰতক পৰাস্ত কৰি দলীয় সতীৰ্থৰ সৈতে ড্ৰেচিং ৰূমত সময় অতিবাহিত কৰাটো আটাইতকৈ স্মৰণীয় দিন বুলি উল্লেখ কৰিছে নিউজিলেণ্ডৰ অলৰাউণ্ডাৰ খেলুৱৈ জিমী নীছমে ।

বিশ্বকাপত ভাৰতক পৰাস্ত কৰাটো আটাইতকৈ স্মৰণীয় দিন : জিমী নীছম
বিশ্বকাপত ভাৰতক পৰাস্ত কৰাটো আটাইতকৈ স্মৰণীয় দিন : জিমী নীছম

আইপিএলৰ নিজৰ কিংছ ইলেভেন পাঞ্জাৱ দলৰ টুইটাৰ একাউণ্টত অনুৰাগীয়ে কৰা এক প্ৰশ্নৰ উত্তৰত এনেদৰে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰিছে নিউজিলেণ্ডৰ ক্ৰিকেটাৰগৰাকীয়ে ।

বিগত বৰ্ষৰ বিশ্বকাপত ভাৰত আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা প্ৰথমখন ছেমিফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাজয়বৰণ কৰি ফাইনেলৰ পৰা বাহিৰ হ'বলগীয়া হৈছিল বিৰাট নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটো । বৰষুণৰ বাবে দ্বিতীয় দিনলৈ স্থানান্তৰিত হৈছিল ভাৰত-নিউজিলেণ্ডৰ মাজৰ ছেমিফাইনেল মেচখন ।

মেচখনত ভাৰতে নিউজিলেণ্ডক আঠ উইকেটৰ বিনিময়ত 239 ৰানত বান্ধি ৰাখিবলৈ সক্ষম হৈছিল যদিও মেচখনত ভাৰতে কেৱল 221 ৰান হে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । ফলত ছেমিফাইনেলতেই নিজৰ বিশ্বকাপৰ যাত্ৰা সামৰিব লগা হৈছিল ভাৰতীয় দলটোৱে । ভাৰতে মেচখনত 92 ৰানতেই নিজৰ গুৰুত্বপূৰ্ণ ছয়টা উইকেট হেৰুৱাই দিছিল । ইয়াৰ পাচত ৰবীন্দ্ৰ জাডেজাই 59 বলত 77 ৰ ইনিংছ খেলি ভাৰতক জয়ৰ আশা জীয়াই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ধোনীৰ সৈতে জডেজাই 116 ৰানৰ সহযোগিতা কৰিছিল । মেচখনৰ 49 অভাৰত ধোনীৰ ৰান আউটৰ লগে-লগেই ভাৰতৰ জয় আশা সমাপ্ত হৈছিল ।

ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে মুখামুখি হৈছিল নিউজিলেণ্ড । য'ত ছুপাৰ অভাৰত বাউণ্ডেৰী নিয়মৰ অধীনত পৰাজয়বৰণ কৰিবলগীয়া হৈছিল নিউজিলেণ্ড দলটো । ইংলেণ্ডে পোন প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিল ।

লগতে চাওকঃ কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ অহা স্বাস্থ্য কৰ্মীক লৈ চিন্তাৰ কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.