ETV Bharat / sports

অ'মানক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে টি-20 বিশ্বকাপলৈ যোগ্যতা নামিবিয়াৰ

author img

By

Published : Oct 30, 2019, 11:37 AM IST

Updated : Oct 30, 2019, 12:35 PM IST

টি-20 বিশ্বকাপ অষ্ট্ৰেলিয়া,2020লৈ যোগ্যতা অৰ্জন কৰিছে নামিবিয়া দলে ৷ অ'মানক পৰাস্ত কৰি এই যোগ্যতা অৰ্জন কৰে দলটোৱে ৷

নামিবিয়া দল

স্পৰ্টছ ডেস্ক, 30 অক্টোবৰ : ডুবাইত অনুষ্ঠিত মেচত জয়েৰে নামিবিয়াই প্ৰথমবাৰৰ বাবে টি-20 বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ যোগ্যতা অৰ্জনৰ যুঁজত নামিবিয়াৰ দলটোৱে অ'মানক পৰাস্ত কৰে ৷ ইয়াৰ জৰিয়তে টি-20 বিশ্বকাপ অষ্ট্ৰেলিয়া, 2020ৰ বাবে যোগ্যতা অৰ্জন কৰা চতুৰ্থটো দল হিচাপে বিবেচিত হ'ল নামিবিয়া ৷ নামিবিয়াৰ পূৰ্বে পাপুৱা নিউগিনি,আয়াৰলেণ্ড আৰু নেদাৰলেণ্ডছ দলে বিশ্বকাপ টি-20ৰ বাবে যোগ্যতা অৰ্জন কৰিছিল ৷

টি-20 বিশ্বকাপলৈ যোগ্যতা নামিবিয়াৰ
নামিবিয়া দল

উল্লেখ্য যে,ইয়াৰ পূৰ্বে নামিবিয়া দলে 2003 চনত 50 অ'ভাৰৰ বিশ্বকাপত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছিল ৷ নামিবিয়াই যোগ্যতা অৰ্জনৰ বিষয়ে টি-20 বিশ্বকাপৰ অ'ফিচিয়েল টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে ৷

অ'মানৰ বিৰুদ্ধে মেচত নামিবিয়াৰ হৈ জে.জে. স্মিতে মাত্ৰ 25 টা বলতে 59 ৰান সংগ্ৰহ কৰি দলৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে ৷ টছত জয়ী হৈ স্মিতৰ অৰ্ধশতকৰ জৰিয়তে নামিবিয়াই 161/7 ৰান সংগ্ৰহ কৰে ৷ কিন্তু অ'মানে বেটিং কৰিবলৈ নামি স্ক'ৰবৰ্ডত কেৱল 107 ৰানহে যোগ দিবলৈ সক্ষম হয় আৰু নামিবিয়াই 54 ৰানত জয় সাব্যস্ত কৰে ৷

লগতে পঢ়কঃকাৰ্বি-আংলঙৰ খেৰণি আৰু গোৱালপাৰাৰ মাটিয়াত বনৰীয়া হাতীৰ তাণ্ডৱ

Intro:Body:Conclusion:
Last Updated : Oct 30, 2019, 12:35 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.