ETV Bharat / sports

টুইটাৰত ট্ৰেণ্ডিং #DhoniRetires, অগ্নিশৰ্মা সাক্ষী ধোনী - সাক্ষী ধোনী

কৰ'ণা ভাইৰাছৰ ফলত অষ্ট্ৰেলিয়াত হ'বলগীয়া টি-20 বিশ্বকাপ স্থগিত হোৱাৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে-লগে টুইটাৰত ট্ৰেণ্ডিং কৰিবলৈ আৰম্ভ কৰিছিল ধোনীৰ সন্ন্যাসৰ খবৰে । এই সন্দৰ্ভত বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ সাক্ষী ধোনীৰ ।

MS Dhoni wife Sakshi Lashes out at fans speculating on Dhoni retirement trending

author img

By

Published : May 28, 2020, 4:51 PM IST

স্পৰ্টছ ডেস্ক, 28 মে': চলিত বৰ্ষত অষ্ট্ৰেলিয়াত হ'বলগীয়া আইচিচি টি-20 বিশ্বকাপৰ 2022 চনলৈ স্থগিত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে-লগে বুধবাৰে নিশাৰ ভাগত টুইটাৰত সবাতোকৈ চৰ্চা লাভ কৰিছিল ধোনীৰ সন্ন্যাসৰ বিষয়টোৱে । কাৰণ বিশ্বকাপ বাতিল মানেই ভাৰতীয় দলত প্ৰত্যাৱৰ্তনৰ পথ অধিক জটিল হৈ পৰিব মহেন্দ্ৰ সিং ধোনীৰ ।

ধোনীৰ প্ৰত্যাৱৰ্তনৰ বাবে অনুৰাগীৰ বাবে আইপিএল অনিৰ্দিষ্ট কাললৈ স্থগিত হোৱাৰ পাচত একমাত্ৰ ভৰসা আছিল টি-20 বিশ্বকাপ । কিন্তু বিশ্বকাপৰ স্থগিত খবৰে যথেষ্ট চিন্তাত পেলাইছে ধোনীৰ অনুৰাগী সকলক । আনহাতে ইয়াৰ মাজতেই বুধবাৰে টুইটাৰত ট্ৰেণ্ডিং হ'বলৈ লৈছিল #DhoniRetires । ইয়াৰ পাচতেই ধোনীৰ পত্নী সাক্ষী ধোনীয়ে এক টুইট যোগে নিজৰ ক্ষোভ প্ৰকাশ কৰে ।

MS Dhoni wife Sakshi Lashes out at fans speculating on Dhoni retirement trending
সাক্ষী ধোনীৰ টুইট

সাক্ষী ধোনীয়ে টুইটত উল্লেখ কৰে, এইয়া মাথো ভুৱা প্ৰচাৰ । মই বুজি পাইছো যে, লক্ ডাউনে মানুহক মানসিক ভাৱে অস্থিৰ কৰি তুলিছে ।#DhoniRetires..এটি জীৱন পোৱা যায় । অৱশ্যে পিচত এই টুইট ডিলিট কৰি দিয়ে সাক্ষীয়ে ।

উল্লেখ্য় যে, ধোনীক শেষবাৰৰ বাবে ভাৰতীয় দলত 2019 বৰ্ষৰ বিশ্বকাপ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে দেখা পোৱা গৈছিল । য'ত নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ হৈছিল ভাৰত ।

ধোনীক চলিত বৰ্ষৰ আইপিএলৰ ত্ৰয়োদশ সংস্কৰণৰ জৰিয়তে খেলপথাৰত পুনৰ প্ৰত্যাৱৰ্তনৰ আশা কৰা হৈছিল যদিও আইপিএলৰ স্থগিত হোৱাত অন্তিম ভৰসা আছিল টি-২০ বিশ্বকাপ । কিন্তু বিশ্বকাপৰ স্থগিত খবৰে পুনৰ ধোনীৰ ক্ৰিকেট কেৰিয়াকলৈ অনিশ্চয়তা কঢ়িয়াই আনিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.