ETV Bharat / sports

ভাৰতীয় ক্ৰিকেটত ধোনী যুগৰ পৰিসমাপ্তি... - ধোনী আলবিদা..!

ৰান আউটৰে কেৰিয়াৰ আৰম্ভ হোৱা মহেন্দ্ৰ সিং ধোনী কেৰিয়াৰৰ অন্তিমখন খেলতো ৰান আউট হৈয়েই উভতিছিল পেভেলিয়ানলৈ ! "শূন্য"ৰে কেৰিয়াৰ আৰম্ভ কৰা ধোনীয়ে কিন্তু দেশবাসীক দি গ‘ল গৌৰব কৰিব পৰাকৈ অলেখ মহেন্দ্ৰ ক্ষণ, নিজৰ নামত ৰাখি গ’ল অলেক কৃতিত্ব ৷

সমাপ্ত ভাৰতীয় ক্ৰিকেটত ধোনী যুগৰ..
সমাপ্ত ভাৰতীয় ক্ৰিকেটত ধোনী যুগৰ..
author img

By

Published : Aug 16, 2020, 11:11 PM IST

Updated : Aug 16, 2020, 11:30 PM IST

মহেন্দ্ৰ সিং ধোনী ৷ নীলা ৰঙৰ জাৰ্চীৰে পিঠিত 7 নম্বৰ লিখা থকা খেলুৱৈজনক আৰু দেখা নাযাব ক্ৰিকেটৰ 22 গজ ভূমিত৷ নীলা জাৰ্চীত দেখিবলৈ নাপাব ‘‘হেলিকপ্টাৰ শ্বট’’ অথবা বিদ্যুৎ গতিৰ সেই "ষ্টাম্পিং" ৷ কাৰণ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে ভাৰতীয় ক্ৰিকেট ইতিহাসৰ বৰ্তমানলৈ আটাইতকৈ সফলতম অধিনায়ক হিচাপে চৰ্চিত তথা উইকেট কীপাৰ বেটছমেন মহেন্দ্ৰ সিং ধোনীয়ে ৷ ধোনীৰ অনুৰাগী বাবে তেওঁ কেৱল এজন ক্ৰিকেটাৰে হৈ থকা নাছিল, আছিল এক আৱেগ ৷

মহেন্দ্ৰ সিং ধোনী
মহেন্দ্ৰ সিং ধোনী

1981 চনত তেতিয়াৰ বিহাৰ ৰাজ্যৰ অন্তৰ্গত আৰু বৰ্তমানৰ ঝাৰখণ্ড ৰাজ্যৰ ৰাঁচীত জন্ম লাভ কৰা ধোনীৰ স্কুলীয়া দিনত প্ৰথম পচন্দ আছিল ফুটবল খেল ৷ কিন্তু ভাগ্যই হয়তো নিশ্চিত কৰি ৰাখিছিল ধোনীৰ লক্ষ্য৷ 1998 চনত ধোনী নিৰ্বাচিত হৈছিল বিহাৰ ক্ৰিকেট দললৈ ৷ তাৰ পৰৱৰ্তী বছৰতেই প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটে ধোনীৰ ৷ বিহাৰৰ হৈ 1999 চনত ৰঞ্জী খেলত প্ৰথমবাৰলৈ অৱতীৰ্ণ হয় ধোনী৷

সমাপ্ত ভাৰতীয় ক্ৰিকেটত ধোনী যুগৰ
সমাপ্ত ভাৰতীয় ক্ৰিকেটত ধোনী যুগৰ

তাৰ পাচতেই ঘৰুৱা দায়িত্বৰ বাবে 2000 চনত ভাৰতীয় ৰে’লৱেত টীকট কালেক্টৰ পদত নিযুক্ত হয় ৷ কিন্তু প্লেটফৰ্ম নাম্বাৰ 8-ত "টিকট কালেক্ট" কৰা ধোনীয়েই যে এটা সময়ত ভাৰতৰ "ট্ৰফী কালেক্ট"ৰ হ’ব কোনেও হয়তো জনাই নাছিল ৷

2003 চনত 19 বছৰ অনুৰ্ধ্ব ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰা ধোনীৰ ভাৰতীয় দলত অভিষেক ঘটে 2004 চনত বাংলাদেশৰ বিৰুদ্ধে ৷ ঢাকাত খেলা প্ৰথমখন খেলত প্ৰথমটো বলতেই ৰান আউট ধোনী, শূন্যৰে কেৰিয়াৰ আৰম্ভ কৰা ধোনীৰ বাবে কিন্তু নিজৰ প্ৰতিভা আৰু দক্ষতাৰ উমান দিবলৈ অধিক সময়ৰ প্ৰয়োজন নহ’ল৷ নিজৰ পঞ্চমখন খেলত 123 টা বলত পাকিস্তানৰ বিৰুদ্ধে বিস্ফোৰক 148 ৰানৰ এক ইনিংছ৷ তাৰ পাচতেই দীঘল চুলিৰ যুৱ খেলুৱৈজন হৈ পৰিল ক্ৰিকেট প্ৰেমীৰ পৰিচিত ৷ তাৰ পাচতে ইখনৰ পাচত সিখন খেলত সফল "ফিনিছিঙে"ৰে নিজৰ অনুৰাগী বৃদ্ধি কৰিবলৈ সক্ষম হ’ল ধোনী ৷

কেৰিয়াৰৰ প্ৰথম শতক
কেৰিয়াৰৰ প্ৰথম শতক
ধোনীৰ কৌশল
ধোনীৰ কৌশল...

2005 চনৰ 31 অক্টোবৰ, দিপাৱলীৰ আগদিনা, জয়পুৰত অনুষ্ঠিত হৈছিল শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাৰ তৃতীয়খন খেল৷ 299 ৰানৰ কঠিন লক্ষ্য ভাৰতৰ সন্মুখত ৷ প্ৰথমটো অভাৰতে আউট হৈছিল সুন্দৰ ফৰ্মত থকা শচীন৷ তিনি নম্বৰত বেটিং কৰিব অহা ধোনীয়ে সেইদিনা দেশবাসীলৈ যেন আগবঢ়াইছিল দেৱালী এদিন পূৰ্বেই উদযাপন কৰাৰ সুবিধা ৷ 145 বলত 183 ৰানৰ এক অবিস্মৰণীয় ইনিংছ, যি ইনিংছে ভংগ কৰিছিল সেই সময়ৰ বহু কেইটা অভিলেখ৷ এই 183 ৰানৰ ইনিংছটোৱে হ’ল ধোনীৰ ব্যক্তিগত সৰ্বাধিক ৰান ৷ তাৰ পাচতেই যেন শচীন, সৌৰভ, ছেহৱাগ, দ্ৰাবিড়, যুৱৰাজৰ দৰেই অনুৰাগীৰ মনত বিশ্বাস জন্মাব সক্ষম হ’ল ধোনী ৷

ভাৰতীয় ক্ৰিকেটৰ অন্য এক জটিল সময় আহিছিল 2007 চনত ৷ বিশ্বকাপ ক্ৰিকেটৰ পৰা পাৰম্ভিক ৰাউণ্ডতেই বাহিৰ ভাৰত ৷ দলত উত্থান-পতন আৰম্ভ ৷ তেতিয়াৰ নেতৃত্বত থকা দ্ৰাবিড়ে এৰিলে দলৰ দায়িত্ব ৷ কিন্তু নেতৃত্বৰ বাবে আগবাঢ়ি নাহে কোনো জ্যেষ্ঠ খেলুৱৈ৷ তেতিয়াই শচীন তেণ্ডুলকৰে নিৰ্বাচকক ধোনীৰ নাম অনানুষ্ঠানিক ভাবে আগবঢ়ায় ৷

তাৰ পাচত দলীয় নেতৃত্বৰ দায়িত্ব লাভ কৰে ধোনীয়ে৷ তাৰ পাচতেই সফলতাক প্ৰতি খোজতে কঢ়িয়াবলৈ আৰম্ভ কৰে ধোনীয়ে ৷ অধিনায়ক হিচাপে প্ৰথম শৃংখলা, তাতেই বিশ্বকাপ ! এইয়া আছিল আইচিচি টি-20 বিশ্বকাপৰ প্ৰথম সংস্কৰণ ৷ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত এই বিশ্বকাপত ধোনীয়ে কেবাটাও সাহসী সিদ্ধান্তৰে নিজৰ দক্ষ নেতৃত্বৰ উমান দিছিল ৷ কোন ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে পাহৰিব পাৰিব টি-20 বিশ্বকাপৰ ফাইনেল অভাৰটোৰ কথা ? ক্ৰীজত আছিল দুৰ্দান্ত বেটিং কৰি থকা পাকিস্তানৰ মিছবাহ-উল-হক ৷ অন্তিম অভাৰত প্ৰয়োজনীয় 13 ৰান বচাবলৈ বল তুলি দিছিল ধোনীৰ লগত একে সময়তে অভিষেক ঘটোৱা যোগীন্দৰ শৰ্মাক ৷ জয়ী হৈছিল ধোনীৰ সেই সাহসী সিদ্ধান্ত ! মিছবাহ আউট, ভাৰতৰ শিৰত প্ৰথম বিশ্বকাপ ...৷ পিচদিনা সমগ্ৰ দেশৰ বাতৰিত প্ৰকাশিত হৈছিল ধোনীৰ নেতৃত্বৰ বন্দনা৷

টি 20 বিশ্বকাপ জয়ৰ পাচত
টি-20 বিশ্বকাপ জয়ৰ পাচত

বহুতেই এই সফলতাক ক’ব বিছাৰিছিল ধোনীৰ ভাগ্য হিচাপে ৷ তাৰ পাচতেই ধোনীয়ে এই সকলৰ ধাৰণা যে ভুল প্ৰতিপন্ন কৰিলে অষ্ট্ৰেলিয়াৰ দ্ৰুত বেগী পিট্চত "কমনৱেল্থ বেংক" শৃংখলাৰ একেৰাহে দুখনকৈ ফাইনেল জয় কৰি ৷

টেষ্ট ক্ৰিকেটতো ধোনীয়ে সৱল নেতৃত্বৰে দলক আগুৱাই নিলে বিশ্বৰ এক নম্বৰ স্থানলৈ ৷ ভাৰতৰ ক্ৰিকেট প্ৰেমীয়ে সপোন দেখিব ল’লে 28 বছৰ পাচত দ্বিতীয়বাৰলৈ বিশ্বজয়ৰ ৷

2011 চন, এচিয়া মহাদেশৰ তিনিখন আৰম্ভ হ’ল বিশ্বকাপ ৷ ভাৰতৰ মুম্বাইতে অনুষ্ঠিত হ’ব ফাইনেল ৷ তাতেই ক্ৰিকেটৰ ভগৱানলৈ পৰ্যবেক্ষিত হোৱা শচীনৰ গৃহভূমি মুম্বাই ৷ কেৰিয়াৰৰ বিয়লি বেলালৈ বিশ্ব জয়ৰ সোৱাদ নোপোৱা শচীনক বিশ্বকাপ উপহাৰ দিবলৈ ভাৰতীয় দলো যেন প্ৰতিজ্ঞাবদ্ধ ৷ ধোনীৰ শীতল মস্তিষ্কৰ নেতৃত্বৰে ফাইনেললৈ উপনীত টীম ইণ্ডিয়া, কিন্তু এই বিশ্বকাপত তেতিয়ালৈ শান্ত হৈ আছিল ধোনীৰ বেট ৷

2011 ৰ বিশ্বজয়ৰ মহেন্দ্ৰ ক্ষণ
2011 ৰ বিশ্বজয়ৰ মহেন্দ্ৰ ক্ষণ

ৱাংখাড়ে ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে 275 ৰাণৰ লক্ষ অতিক্ৰম কৰিলেই বিশ্ব জয়ৰ সুযোগ ভাৰতৰ হাতত৷ কিন্তু ইনিংছৰ আৰম্ভণিতেই ভাৰতক মোক্ষম আঘাত দিছিল মালিংগাই ৷ 31 ৰানতেই আউট ভাৰতৰ দুয়োগৰাকী প্ৰাৰম্ভিক বেটছমেন ৷ তাৰ পাচতেই গম্ভীৰ আৰু কোহলিয়ে ক্ৰীজত খোপনি পুতিব লওতেই আউট কোহলি৷ তাৰ পাচতেই সকলোকে আচৰিত কৰি ফৰ্মত থকা যুৱৰাজক পাচলৈ ঠেলি ক্ৰীজলৈ আহিল ধোনী ৷ তাৰ পাচৰ খিনি সকলোৰে বাবে পৰিচিত ইতিহাস হৈ ৰ’ল সকলো... কোৱাটো নিষ্প্ৰয়োজন ! ধোনীৰ বেটেৰে নুৱান কুলাছেখেৰাৰ বলত মিড্ অনত নিৰ্গত সেই ছয়েৰে ভাৰতৰ বিশ্বকাপ জয় ৷ জয়ৰ সেই সোণালী ক্ষণে প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট প্ৰেমীক আজিও গৌৰাৱান্বিত আৰু আৱেগিক কৰি তোলে ৷ সেয়ে হয়তো কিংবদন্তি খেলুৱৈ সুনীল গাভাস্কাৰে কৈয়েই পেলালে- "মৃত্যুৰ পূৰ্বে যদি শেষ ইচ্ছা কি সোধে মই তেতিয়া ধোনীৰ বেটেৰে নিৰ্গত বিশ্বজয়ী সেই ছয়টো চাব বিছাৰিম ৷" হয়তো এইয়া কেৱল গাভাস্কাৰৰেই নহয়, বহু ধোনী অনুৰাগীৰেই হ’ব এইয়া শেষ ইচ্ছা !

বিশ্বজয়ৰ সেই মহেন্দ্ৰ ক্ষণ
বিশ্বজয়ৰ সেই মহেন্দ্ৰ ক্ষণ
2011 ৰ বিশ্বজয়ৰ মহেন্দ্ৰ ক্ষণ
2011 ৰ বিশ্বজয়

2013 চনত ধোনীৰ হাতলৈ আহিছিল আইচিচিৰ আন এক খিতাপ৷ সেয়া আছিল আইচিচি চেম্পিয়নছ ট্ৰফী-2013৷ যাৰ পাচত ধোনী বিশ্বৰ একমাত্ৰ অধিনায়ক হৈ পৰিছিল যাৰ শিৰত আছিল এদিনীয়া বিশ্বকাপ, টি20 বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফী ৷

ইংলেণ্ডত অনুষ্ঠিত এই শৃংখলাত ভাৰতৰ খিতাপ জয়তকৈয়ো ধোনীয়ে উপহাৰ দিছিল আন এক নতুনত্ব৷ সেয়া হৈছে বিশ্ব ক্ৰিকেটৰ আগশাৰীৰ অপেনিং যুটি ৰোহিত শৰ্মা আৰু শিখৰ ধাৱনৰ যুটি৷ সেই সময়ত ভাৰতৰ অপেনাৰক লৈ সমস্যাত পৰিছিল ভাৰতীয় দল ৷ তেতিয়াই ধোনীয়ে অপেনাৰ ৰূপে চিনাকী কৰালে ৰোহিত শৰ্মাক৷ আৰু বৰ্তমান ক্ৰিকেটত অপেনাৰৰ ৰূপত ৰোহিতৰ ভূমিকা সকলোৰে পৰিচিত ৷ কেৱল ৰোহিতেই নহয়, প্ৰতিভাৰ গৰাকীক সঠিক ভাবে চিনাক্ত কৰি আগবঢ়াই নিয়াত অতিকে নিপুণ আছিল অধিনায়ক ধোনী ৷অৱসৰৰ পাচত বিৰাট কোহলিৰ টুইতেও যেন প্ৰকাশ কৰে এই কথা ৷

এনেদৰেই উত্থান আৰু দুই-এটা উজুতিৰ মাজেৰে ধোনীৰ নেতৃত্বত আগুৱাই গৈছিল ভাৰতীয় ক্ৰিকেটৰ জয়যাত্ৰা ৷ 2015 চনত ধোনীয়ে অধিনায়ক হিচাপে জয় কৰে 100 খন এদিনীয়া৷ 2017ত এদিনীয়াৰ ক্ৰিকেটৰ নেতৃত্বৰ পৰা অব্যাহতি লয় ধোনীয়ে ৷ অধিনায়ক হিচাপে 200 খন এদিনীয়াত নেতৃত্ব দি ধোনীয়ে জয়ৰ সোৱাদ পায় 110 খন খেলৰ ৷ গড় হিচাপত জয়ৰ শতকৰা 59.52 ৷ আনহাতে পৰাজিত হয় 74 খন খেলত, শতকৰা হিচাপত 37.18 শতাংশ ৷ 5 খন খেল ড্ৰ’ আৰু বাকী খেল অমীমাংসিত বা পৰিত্যক্ত হৈ ৰয় ৷ উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তিনিওটা সংস্কৰণত অধিনায়ক হিচাপে 332 খন খেলত প্ৰতিনিধিত্ব কৰি সৰ্বাধিক খেলত অধিনাকত্বৰ দায়িত্ব লাভ কৰাৰ অভিলেখো আছে ধোনীৰেই নামত ৷

প্ৰনিধানযোগ্য যে, পেচাদাৰী ক্ৰিকেটতো ধোনীৰ সফলতা ঈৰ্ষনীয় ৷ তিনিটা আইপিএল খিতাপ আৰু দুটা চেম্পিয়নছ লীগ জয় কৰা ধোনী বিশ্বৰ একমাত্ৰ অধিনায়ক ৷ ধোনীৰ ব্যক্তিত্ব আৰু খেলুৱৈ সুলভ মনোভাৱ আৰু শান্ত স্বভাৱৰ বাবে বহুতৰ বাবে ধোনী হৈ পৰিছিল আদৰ্শ ৷ 2007 চনত ধোনীয়ে লাভ কৰে ৰাজীৱ গান্ধী খেলৰত্ন বঁটা, 2008 আৰু 2009 চনত একেৰাহে দুবাৰকৈ লাভ কৰে আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বঁটা ৷ উল্লেখ্য যে, একেৰাহে দুবাৰকৈ এই বঁটা বিজয়ী ধোনীয়েই আছিল প্ৰথম খেলুৱৈ৷ 2009 চনত ভাৰত চৰকাৰৰ পৰা লাভ কৰে পদ্মশ্ৰী সন্মান ৷ আকৌ 2018 চনত লাভ কৰে ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ অসামৰিক সন্মান "পদ্ম বিভূষণ" ৷

অধিনায়কত্ব এৰিলেও নীলা জাৰ্চিৰে উইকেটৰ পাচত ভাৰতীয় বলাৰৰ বাবে অভিভাৱকৰ দৰে হৈ পৰিছিল ধোনী৷ এই কথা অকপটে স্বীকাৰ কৰিছিল কুলদ্বীপ যাদৱৰ দৰে সফল যুৱ বলাৰে ৷

সমাপ্ত ভাৰতীয় ক্ৰিকেটত ধোনী যুগৰ
অন্তিম খেলত ৰান আউটৰ মুহূৰ্ত

শূণ্য ৰানেৰে কেৰিয়াৰ আৰম্ভ কৰা ধোনীয়ে 350 খন এদিনীয়া মেচত 297 টা ইনিংছত সংগ্ৰহ কৰে 10773 ৰান ৷ য’ত সন্নিৱিষ্ট আছে 10 টা শতক, 73 টা অৰ্ধশতক ৷ ধোনী হৈছে 10,000 ৰান সম্পূৰ্ণ কৰা ভাৰতৰ পঞ্চম গৰাকী খেলুৱৈ৷ ধোনীৰ গড় ৰান 50.6 ৷ প্ৰায়ে 6-7 নম্বৰত বেটিং কৰিবলৈ আহি 50ৰ অধিক গড় ৰানেৰে দহ হাজাৰ ৰান সম্পূৰ্ণ কৰাও এক কৃতিত্ব ৷

আনহাতে টেষ্ট ক্ৰিকেটতো সফল আছিল ধোনী ৷ 90 খন টেষ্টৰ 114 টা ইনিংছত 4876 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ য’ত আছে 6 টা শতক, 1 টা দ্বি-শতক আৰু 33 টা অৰ্ধশতক ৷

আনহাতে উইকেটৰ পাচত বিদ্যুৎক্ষীপ্ৰ ধোনীৰ নামত আছে মুঠ 829 টা স্বীকাৰ ৷ ধোনীৰ নামতেই আছে সৰ্বাধিক ষ্টাম্পিংৰ অভিলেখ, যাৰ সংখ্যা 195 ৷ ধোনীৰ নামত আছে দ্ৰুত গতিৰে কৰা ষ্টাম্পিংৰ অভিলেখো ৷ মাত্ৰ 0.08 ছেকেণ্ডত ষ্টাম্পিং কৰিবলৈ সক্ষম হৈছিল ধোনী ৷ ধোনী আৰু ষ্টাম্পৰ মাজত এক এনে যুটি বান্ধ খাইছিল, য’ত উইকেটৰ পিনে নোচোৱাকৈয়ে ধোনীয়ে বল অনায়াসে উইকেটত লগাবলৈ সক্ষম হৈছিল ৷

কেৰিয়াৰৰ আৰম্ভণিতে ক্ৰিকেটৰ গতানুগতিক বেটিং ষ্টাইল নথকাৰ বাবে ধোনী সমালোচিত হৈছিল বহু বিশেষজ্ঞ ক্ৰিকেটাৰৰ মাজত ৷ সেই ক্ৰিকেটৰ বেটিং ষ্টাইল নথকা ধোনীয়েই এটা সময়ত জন্ম দিলে ক্ৰিকেটৰ এক নতুন শ্বট "হেলিকপ্টাৰ শ্বটৰ ৷"

কেৰিয়াৰৰ শেষৰ ফালে ধীৰ গতিত বেটিং কৰা বুলি সমালোচিত হোৱা ধোনীৰ দৌৰৰ গতি আছিল অদ্বিতীয় ৷ 22 গছ ভূমিত চিতাবাঘৰ বেগেৰে দৌৰা ধোনীয়ে কেৱল ছয়-চাৰিৰেই নহয়, এক ৰানক দুই ৰানলৈ পৰিৱৰ্তিত কৰি ব্যতিব্যস্ত কৰিবলৈ সক্ষম হৈছিল প্ৰতিপক্ষক৷ কিন্তু দ্ৰুত বেগী ধোনীও কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেলত ৰান আউট হৈয়েই পেভেলিয়নলৈ উভতিছিল ৷ সদায় আৱেগক নিয়ন্ত্ৰণ কৰি "কেপ্তেইন কুল" বুলি পৰিচিত হোৱা ধোনী আৱেগিক হৈ পৰিছিল সেইদিনা ৷ আউট হৈ আৱেগিক হৈ পৰাৰ দৃশ্যই ব্যথিত কৰি তুলিছিল কোটি কোটি ভাৰতীয়ক ৷ মাত্ৰ কেই ইঞ্চিমানৰ ব্যৱধানত ধোনী আউট হোৱাত সেই ইঞ্চিৰ দূৰত্বই যেন বাধা দিলে ভাৰতৰ 2019 ৰ বিশ্বজয়ৰ সপোনক ৷ বহুতেই শংকা কৰিছিল, 2019 ৰ 11 জুলাইতেই খেলা সেই খেলখনেই হয়তো ধোনীৰ অন্তিম আন্তঃৰাষ্ট্ৰীয় খেল!

কেৰিয়াৰৰ শেষত খেল খনত ৰান আউত হৈ পেভিলিয়নলৈ উভতিছে ধোনী

কিন্তু অনিশ্চয়তাত আছিল সকলো ৷ অনুৰাগীৰ বাবে আশা আছিল জাতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিব ধোনীয়ে ! কিন্তু সকলোক অনুৰাগীৰে হৃদয় ভাঙি 74 তম স্বাধীনতা দিৱসৰ সন্ধিয়া 19.29 মিনিটত সামাজিক মাধ্যম যোগে ধোনীৰ অৱসৰৰ ঘোষণা ৷ ধোনীয়ে লিখিলে- ‘‘Thanks a lot for ur love and support throughout.from 1929 hrs consider me as Retired’’- তাৰ লগতে ধোনীয়ে অৰ্থপূৰ্ণ ভাৱে প্ৰকাশ কৰে বহু কেইখন চিত্ৰ ৷ চিত্ৰ কেইখনৰ নেপথ্যত বাজি ৰয়, মুকেশৰ কণ্ঠৰ পুৰণি গীত- "মে পল দু পল কা শায়েৰ হু.. পল দু পল মেৰি কাহানী হে...."

দলৰ 9 টা উইকেট আউট হোৱাৰ পাচতো যেতিয়া ক্ৰীজত ধোনী থাকে সকলোৰে মনত এক আশা জিলিকি থাকে ৷ ধোনী আছে, ভাৰত জিকিব ! ক্ৰিকেট প্ৰেমীৰ এই আশা বহুবাৰ পূৰণো কৰিলে ধোনীয়ে... কিন্তু এতিয়া আৰু নাথকিব এই আশা...

শান্ত স্বভাৱৰ ধোনী
শান্ত স্বভাৱৰ ধোনী

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্ন্যাস ল’লে ধোনীয়ে....

16 আগষ্টত বন্ধ থাকে বাতৰি কাকতৰ প্ৰকাশ, সেয়ে হয়তো 17 আগষ্টৰ দেশৰ প্ৰায়বোৰ বাতৰি কাকতৰে শিৰোনাম ল’ব এই বাতৰিয়ে!

সমাপ্ত ভাৰতীয় ক্ৰিকেটত ধোনী যুগৰ
সমাপ্ত ভাৰতীয় ক্ৰিকেটত ধোনী যুগৰ

সমাপ্ত ভাৰতীয় ক্ৰিকেটত ধোনী যুগৰ... ধোনী আলবিদা..!

Last Updated : Aug 16, 2020, 11:30 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.