ETV Bharat / sports

পষ্ট লক ডাউন : ভাৰতীয় শিবিৰত ধোনীৰ উপস্থিতি ? - MS Dhoni for India camp post lockdown? Here is what who said

ভাৰতীয় ক্ৰিকেটাৰ প্ৰত্য়াৱৰ্তনৰ বাবে অহা জুলাই মাহৰ শেষৰ ফালে এক দীৰ্ঘকালিন অনুশীলন শিবিৰৰ আয়োজনৰ পৰিকল্পনা গ্ৰহণ কৰিছে বিচিচিআইয়ে । কিন্তু এই অনুশীলন শিবিৰত ধোনী উপস্থিত থাকিব নে নাই তাক লৈ উঠিছে এতিয়া প্ৰশ্ন ।

MS Dhoni for India camp post lockdown? Here is what who said

author img

By

Published : Jun 20, 2020, 5:37 PM IST

স্পৰ্টছ ডেস্ক, 20 জুনঃ বৰ্তমান সময়ত কৰ'ণা ভাইৰাছৰ ফলত স্তব্ধ হৈ পৰিছে ভাৰতীয় ক্ৰিকেট । শেহতীয়াকৈ বিচিচিআইয়ে খেলুৱৈৰ প্ৰত্যাৱৰ্তনৰ বাবে ছয় সপ্তাহৰ এক দীৰ্ঘদিনীয়া অনুশীলন শিবিৰৰ আয়োজনৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । কিন্তু ইয়াৰ মাজতেই এই শিবিৰত মহেন্দ্ৰ সিং ধোনীয়ে অংশগ্ৰহণ কৰিব নে নকৰে তাক লৈ চলিছে চৰ্চা ।

এম কে প্ৰসাদ
এম এছ কে প্ৰসাদ

অৱশ্য়ে বিচিচিআইয়ে জুলাই মাহৰ তৃতীয় সপ্তাহৰ শেষৰ ফালে হে এই অনুশীলন শিবিৰ আৰম্ভ কৰাৰ বাবে সঠিক সময় আৰু সঠিক স্থানৰ বাবে অপেক্ষা কৰি আছে । যদিহে এই শিবিৰ আয়োজন কৰা সম্ভৱ নহয় তেন্তে খেলুৱৈ সকলক আইপিএলৰ অনুশীলন শিবিৰলৈ পঠিওৱা হ'ব পাৰে ।

বৰ্তমানে ধোনীক লৈ প্ৰশ্ন উত্থাপন হৈছে কাৰণ ইতিমধ্য়ে কেন্দ্ৰীয় চুক্তি সূচীৰ পৰা প্ৰত্য়াহাৰ কৰা হৈছে ধোনীৰ নাম । কিন্তু শিবিৰ আৰম্ভ হ'লে পুলৰ বাহিৰৰো কিছুমান খেলুৱৈয়ে অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । সেয়েহে ধোনী থাকিব নে নাথাকে তাক লৈ উঠিছে প্ৰশ্ন ।

আশীষ নেহৰা
আশীষ নেহৰা

এই সন্দৰ্ভত নিৰ্বাচক মণ্ডলীৰ প্ৰাক্তন অধ্যক্ষ এমএছকে প্ৰসাদে এক সংবাদ সংস্থাক কৈছে, যদি টি-20 বিশ্বকাপ আয়োজন হয় তেন্তে সম্ভৱত ধোনীক দললৈ মাতি পঠিওৱা হ'ব । কিন্তু দ্বিপক্ষীয় খেলাৰ ক্ষেত্ৰত নিৰ্বাচক মণ্ডলীয়ে অন্য চিন্তা কৰিব বুলি উল্লেখ কৰে । দ্বিপক্ষীয় শৃংখলাৰ বাবে কে.এল ৰাহুল, ঋষভ পন্ত, সঞ্জু চেমছন উপলব্ধ বুলি কয় প্ৰসাদে । অৱশ্যে অনুশীলন শিবিৰত ধোনীৰ উপস্থিতি যুৱ খেলুৱৈৰ বাবে ফলদায়ক হ'ব বুলি মত পোষণ কৰে প্ৰসাদে ।

আনহাতে শেহতীয়াকৈ প্ৰাক্তন ক্ৰিকেটাৰ আশীষ নেহৰাই কয়, যদি দলত উইকেটকীপাৰ বেটছমেনৰ প্ৰয়োজন হয় তেন্তে ধোনী সকলো দলতে থাকিব লাগে । যদি মই ৰাষ্ট্ৰীয় দলৰ নিৰ্বাচক হ'লো হয় তেন্তে ধোনী মোৰ দলত থাকিল হয় বুলি কয় নেহৰাই । অৱশ্য়ে ধোনীয়ে স্বয়ং খেলিবলৈ ইচ্ছা কৰে নে নকৰে সেইটো ডাঙৰ প্ৰশ্ন বুলি উল্লেখ কৰি ফৰ্মৰ ক্ষেত্ৰত আইপিএলত অংশগ্ৰগহণ কৰি ধোনীয়ে প্ৰত্যাৱৰ্তনৰ বাবে সুন্দৰ সুযোগ লাভ কৰিব পাৰে বুলি কয় নেহৰাই ।

আনহাতে হৰভজন সিঙে যুৱ খেলুৱৈসকলক শিবিৰত আমন্ত্ৰণৰ আশা প্ৰকাশ কৰি সূৰ্যকুমাৰ যাদৱক টি-20 দলটো স্থান দিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে ।

ভাৰতীয় দলৰ প্ৰাক্তন উইকেটকীপাৰ আৰু বিশ্লেষক দ্বীপ দাস গুপ্তাই নিৰ্বাচকমণ্ডলীক ধোনীৰ সৈতে শিবিৰত অংশ লোৱা নোলোৱাক লৈ এবাৰ কথা পাতিব লাগে বুলি কয় । যদি ধোনীয়ে আইপিএলত 500 ৰান কৰিবলৈ সক্ষম হয় তেতিয়া তেওঁক উপেক্ষা কৰিব পাৰিব নে বুলিও প্ৰশ্ন কৰে ।

দুবাৰকৈ ভাৰতীয় দলক বিশ্বচেম্পিয়ন বনোৱা ধোনীক শেষবাৰৰ বাবে ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা 2019 ৰ বিশ্বকাপৰ ছেমিফাইনেল মেচত দেখা পোৱা গৈছিল ।

লগতে চাওকঃ মানচিত্ৰৰ পৰা বিলীন হোৱাৰ পথত ঐৰামঘাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.