নিউজ ডেস্ক, ২৮ ফেব্ৰ্ুৱাৰী: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বেংগালুৰুত হোৱা দ্বিতীয় খন টি ২০ ত নতুন অভিলেখ স্থাপন কৰিছে ভাৰতীয় ক্ৰিকেটাৰ এম. এচ ধোনীয়ে । আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত ৩৫০ টা ছয় কোবোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে ভাৰতৰ প্ৰাক্তন অধিনায়ক গৰাকী । বুধুবাৰে অনুষ্ঠিত হোৱা খেলখনত ধোনীয়ে ৩ টা চাৰি আৰু ৩ টা ছয়ৰ জৰিয়তে এই অঙিলেখৰ গৰাকী হয় ।
উল্লেখ্য যে, ধোনীয়ে ৰোহিত শৰ্মাৰ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত ৩৪৯ টা ছয়ৰ অভিলেখ ভংগ কৰে । আজিৰ খেলখনত ধোনীয়ে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীৰ সৈতে যুটীয়াকৈ ১০০ ৰাণ সংগ্ৰহ কৰে ।