ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় মহেন্দ্ৰ সিং ধোনীৰ

author img

By

Published : Aug 15, 2020, 9:40 PM IST

Updated : Aug 15, 2020, 10:27 PM IST

এক বৰ্ণিল যাত্ৰাৰ অৱসান ৷ ভাৰতক দুবাৰকৈ বিশ্ব চেম্পিয়নৰ সোৱাদ দিয়া কেপ্টেইন কুল নামে খ্যাত মহেন্দ্ৰ সিং ধোনীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ৷ শনিবাৰে চেন্নাইত আইপিএলৰ শিবিৰ অনুষ্ঠানত উপস্থিত হৈ এই ঘোষণা খেলুৱৈগৰাকীৰ ৷

ms dhoni announces retirement from international cricket in a instagram post

স্পৰ্টছ ডেস্ক, 15 আগষ্ট : এতিয়াৰে পৰা ভাৰতীয় নিলা জাৰ্ছীত দেখা পোৱা নাযাব মহেন্দ্ৰ সিং ধোনীৰ লগতে ধোনীৰ হেলিকপ্টাৰ শ্বট ৷ শনিবাৰে ভাৰতক দুবাৰকৈ বিশ্ব চেম্পিয়নৰ সোৱাদ দিয়া কেপ্টেইন কুল নামে খ্যাত মহেন্দ্ৰ সিং ধোনীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্ন্যাস ঘোষণা ৷ 2019 চনৰ এদিনীয়া 2020 বিশ্বকাপৰ ছেমিফাইনেলত অন্তিমবাৰৰ বাবে নীলা জাৰ্ছীত দেখা পোৱা গৈছিল মহেন্দ্ৰ সিং ধোনীক ৷ তাৰ পাচতেই দীৰ্ঘদিন ধৰি ক্ৰিকেট খেলপথাৰৰ পৰা আঁতৰি আছিল চেম্পিয়ন খেলুৱৈগৰাকী ৷

ইনষ্টাগ্ৰাম এক ভিডিঅ’ প’ষ্ট শ্বেয়াৰ কৰি নিজৰ অৱসৰ ঘোষণাৰ কথা উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ৷ ‘‘Thanks a lot for ur love and support throughout.from 1929 hrs consider me as Retired’’ এই বুলি প’ষ্ট কৰে খেলুৱৈগৰাকীয়ে ৷

1981 চনৰ 7 জুলাইত জন্মগ্ৰহণ কৰা ধোনীৰ শৈশৱ কালৰ পৰাই ক্ৰিকেটৰ প্ৰতি অধিক দুৰ্বলতা আছিল ৷ মাত্ৰ 18 বছৰ বয়সতেই বিহাৰৰ ৰঞ্জী দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ধোনীয়ে ৷ ইয়াৰ পাচত ৰে’লৱেৰ হৈ খেলিবলৈ আৰম্ভ কৰিছিল ধোনীয়ে ৷ 2003 চনত জিম্বাবুৱে আৰু কেনিয়া ভ্ৰমণসূচীত ইণ্ডিয়া-এ দলত স্থান লাভ কৰে ধোনীয়ে ৷ এই শৃংখলাত ধোনীয়ে 7 খন মেচত 362 ৰান কৰিবলৈ সক্ষম হৈছিল লগতে উইকেটকীপিঙটো ধোনীয়ে চমক দেখুৱাবলৈ সক্ষম হয় ৷

ইয়াৰ পাচতেই সৌৰভ গাংগুলীৰ নেতৃত্বাধীন ভাৰতীয় দলত 2004 চনত স্থান লাভ কৰাৰ সুযোগ লাভ কৰিছিল ধোনীয়ে ৷ ৰাহুল দ্ৰাৱিড়ৰ নেতৃত্বৰ অৱসান ঘটাৰ পাচতেই ধোনীয়ে অধিনায়কৰ দায়িত্ব লাভ কৰি প্ৰথমে 2007 চনৰ টি-20 বিশ্বকাপ আৰু পাচলৈ 2011 চনৰ এদিনীয়া বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছিল ৷

ধোনীয়ে নিজৰ 90 খন আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ 114 টা ইনিংছত 4876 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ য’ত আছে 6 টা শতক, 1 টা দ্বি-শতক আৰু 33 টা অৰ্ধশতক ৷ আনহাতে এদিনীয়া ক্ৰিকেটৰ 350 খন মেচৰ 297 টা ইনিংছত ধোনীৰ নামত আছে 10773 ৰান ৷ য’ত সন্নিৱিষ্ট আছে 10 টা শতক, 73 টা অৰ্ধশতক ৷ ইপিনে আন্তঃৰাষ্ট্ৰীয় টি-20 ত ধোনীৰ নামত আছে 1617 ৰান ৷

ধোনীয়ে বাংলাদেশৰ বিৰুদ্ধে 2004 চনত এদিনীয়া ক্ৰিকেটত অভিষেক কৰাৰ বিপৰীতে 2005 চনত শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত পদাৰ্পণ কৰিছিল ৷ ধোনীয়ে 2014 চনতেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ পৰা সন্ন্যাস ঘোষণা কৰিছিল ৷

ধোনীৰ উইকেটৰ পিচতো আছে অনন্য অভিলেখ ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ধোনীৰ নামত উইকেটৰ পাচত আছে 829 টা চিকাৰ ৷ ইয়াৰ ভিতৰত আছে 634 টা কেট্ছ, 195 টা ষ্টাম্পিং ৷ মাৰ্ক বাউচাৰ (998) আৰু এডাম গিলখ্ৰীষ্টৰ (905) পাচতেই তৃতীয় স্থানত আছে ধোনী ৷

মহেন্দ্ৰ সিং ধোনী
মহেন্দ্ৰ সিং ধোনী

অধিনায়ক হিচাপেও ধোনী হৈছে ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ সফলতম অধিনায়ক ৷ ধোনীৰ অধিনায়কৰ শতকৰা বিজয়ী হাৰ হৈছে 59.52 শতাংশ ৷ 200 খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অধিনায়কৰ ভূমিকা পালন কৰি ধোনীয়ে 110 খনত জয়, 74 খনত পৰাজয়, 5 খন ড্ৰ’ লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে 11 খন মেচত ফলাফল অমীমাংসিত হৈ ৰয় ৷

আনহাতে ধোনীৰ নামত আছে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত 229 টা ছিক্স ৷ এদিনীয়া ক্ৰিকেটত 10 হাজাৰ ৰান অতিক্ৰম কৰা পঞ্চমগৰাকী ভাৰতীয় খেলুৱৈ হৈছে মহেন্দ্ৰ সিং ধোনী ৷ অৱশ্যে আইপিএলৰ ত্ৰয়োদশ সংস্কৰণত দেখা পোৱা যাব মাহীক ৷

লগতে চাওক-প্ৰথম পৰ্যায়ত আইপিএলত অংশ নলয় কেইবাগৰাকীও অষ্ট্ৰেলিয়ান খেলুৱৈয়ে

Last Updated : Aug 15, 2020, 10:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.