ETV Bharat / sports

আই চি চিৰ বাউণ্ডেৰী নিয়মক লৈ প্ৰতিক্ৰিয়া মৰ্গান আৰু উলিয়ামচনৰ

author img

By

Published : Jul 15, 2019, 5:49 PM IST

ইংলেণ্ড বিশ্ব চেম্পিয়ন হোৱাৰ পিচত সৰ্বত্ৰে আই চি চিৰ নিয়মক সৈ সমালোচনা চলি থকাৰ মাজতেই ইংলেণ্ড আৰু নিউজিলেণ্ডৰ অধিনায়কৰ প্ৰতিক্ৰিয়া ৷

আই চি চিৰ বাউণ্ডেৰী নিয়মক লৈ প্ৰতিক্ৰিয়া মৰ্গান আৰু উলিয়ামচনৰ

স্পৰ্টছ ডেস্ক, 15 জুলাইঃ দেওবাৰে লৰ্ডছত ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল এক শ্বাসৰুদ্ধকাৰী আৰু ৰোমাঞ্চকৰ বিশ্বকাপ ফাইনেল ৷ নিৰ্ধাৰিত 50 অভাৰত দুয়োটা দলৰ মাজত মেচ খন 241 ৰানত ড্ৰ’ হোৱাত ছুপাৰ অভাৰত নিয়ম অনুসৰি নিৰ্ণয় কৰিব লগা হয় চেম্পিয়ন দলৰ ৷ ইয়াৰ পাচতেই ছুপাৰ অভাৰৰ 6 টা বলত ইংলেণ্ডে 15 ৰান কৰি 16 ৰানৰ লক্ষ্য বান্ধি দিছিল নিউজিলেণ্ডক ৷ কিন্তু ছুপাৰ অভাৰতো মেচখন ড্ৰ’ হোৱাত অৱশেষত বাউণ্ডেৰী ওপৰত বিজয়ী ঘোষণা কৰা হয় ইংলেণ্ডক ৷ কাৰণ মেচখনত অত্যাধিক বাউণ্ডেৰী মাৰিবলৈ সক্ষম হৈছিল ৷ এই নিয়মক লৈ সমালোচনা চলি থকাৰ মাজতেই দুয়ো ফাইনেল দলৰ অধিনায়কৰ প্ৰতিক্ৰিয়া ৷

ETV

ইংলেণ্ডৰ অধিনায়ক ইয়ন মৰ্গানে কয়,যদি মোক বিকল্প দিয়া হয় তেন্তে দুয়োটা দলৰ মাজত তুলনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিম ৷ কিন্তু বৰ্তমান মই বিকল্পৰ কথা চিন্তা কৰিব নোৱাৰো ৷ নিয়ম বনোৱা বহু সময়ে হ’ল আৰু ইয়াত আমাৰ নিয়ন্ত্ৰণ নাই ৷

আনহাতে উলিয়ামচনে কয়, নিয়ম প্ৰথম অৱস্থাৰ পৰাই এনেকুৱাই ৷ কোনোৱে কল্পনা কৰা নাছিল এনেকৈ ফলাফল বাহিৰ হ’ব ৷ কিন্তু এইটো সহ্য কৰা অত্য়ন্ত কঠিন যেতিয়া দুয়োটা দলে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হয় ৷ অতি সুন্দৰ খেল হৈছে,হয়টো দৰ্শকেও বহু আনন্দ লাভ কৰিছে ৷ মেচৰ কথা নাজানো আমি কিমান বাউণ্ডেৰী মাৰিবলৈ সক্ষম হৈছো ৷ কিন্তু আমি অলপ পিচ পৰি ৰ'লো ৷ মেচখন বহুত কঠিন আছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.