ETV Bharat / sports

কোৱাৰিন্টিন নিয়মাৱলীৰ বাবে পিতৃৰ অন্তোষ্টিক্ৰিয়াত উপস্থিত থাকিব নোৱাৰিব মহম্মদ ছিৰাজ - কোৱাৰিন্টিন নিয়মাৱলী

ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছিৰাজৰ পিতৃ মহম্মদ ঘাউছৰ মৃত্য ৷ হাওঁফাওঁজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় ছিৰাজৰ পিতৃয়ে ৷ কিন্তু কোৱাৰিন্টিন নিয়মাৱলীৰ বাবে পিতৃৰ অন্তোষ্টিক্ৰিয়াত উপস্থিত থাকিব নোৱাৰিব ছিৰাজ ৷

পিতৃৰ অন্তোষ্টিক্ৰিয়াত উপস্থিত থাকিব নোৱাৰিব মহম্মদ ছিৰাজ
মহম্মদ ছিৰাজ আৰু পিতৃ মহম্মদ ঘাউছ
author img

By

Published : Nov 21, 2020, 12:46 PM IST

স্পৰ্টছ ডেস্ক, 21 নৱেম্বৰ : ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছিৰাজৰ পিতৃ মহম্মদ ঘাউছে শুকুৰবাৰে হায়দৰাবাদত 55 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ হাওঁফাওঁজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় ছিৰাজৰ পিতৃয়ে ৷

ভাৰতীয় দলৰ সৈতে অষ্ট্ৰেলিয়া ভ্ৰমণৰত ছিৰাজে কোৱাৰিন্টিন নিয়মাৱলীৰ বাবে পিতৃৰ অন্তোষ্টিক্ৰিয়াত উপস্থিত থাকিব নোৱাৰিব ৷ 26 বৰ্ষীয় সোঁহতীয়া পেচাৰগৰাকীয়ে সাতবছৰ বয়সতে জ্যেষ্ঠ ভাতৃক হেৰুৱাইছিল ৷ বৰ্তমান পিতৃৰ মৃত্যুৰ পাচত তেওঁৰ পৰিয়ালত আছে মাতৃ শ্বাবানা ৷

উল্লেখ্য যে, ভাৰতীয় দলে ছিডনীত অনুশীলন কৰি থকাৰ সময়তে ছিৰাজক পিতৃৰ মৃত্যুৰ বাতৰি প্ৰদান কৰা হৈছিল ৷ পিতৃৰ মৃত্যুত শোকস্তব্ধ হৈ পৰা ছিৰাজে এক ৰাষ্ট্ৰীয় বাতৰিকাকতক জনায়, "মোৰ দেউতাই সদায় কৈছিল 'মোৰ সন্তানে দেশৰ নাম উজ্বলাব' ৷ আৰু মই সঁচাকৈয়ে তেওঁৰ সপোন পূৰণ কৰিম ৷"

তেওঁ লগতে কয়, "অষ্ট্ৰেলিয়ালৈ উৰা মৰাৰ পূৰ্বে মই তেওঁৰ সৈতে কথা পাতিছিলো ৷ মোৰ সপোনবোৰ পূৰ কৰিবৰ বাবে তেওঁ এখন অট'ৰিক্সা চলাই কেনেদৰে সংগ্ৰাম কৰিছিল সেয়া মই জানো ৷"

তলি চৌকিৰ বাইলেনত ডাঙৰ-দীঘল হোৱা ভাৰতীয় ক্ৰিকেটাৰ ছিৰাজে দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ৷ তেওঁৰ পিতৃ মহম্মদ ঘাউছে এখন অট'ৰিক্সা চলাই ছিৰাজৰ সপোন পূৰণত যথেষ্ট কষ্ট স্বীকাৰ কৰিছিল ৷

শোকস্তব্ধ ছিৰাজে কয়, "মোৰ আটাইতকৈ বেছি সমৰ্থন কৰা ব্যক্তিজনক মই হেৰুৱাব লগা হ'ল ৷ মোক দেশৰ হৈ খেলা প্ৰত্যক্ষ কৰাটো তেওঁৰ সপোন আছিল আৰু সেয়া পূৰণ কৰিব পৰা বাবে মই গৌৰৱাম্বিত ৷"

ছিৰাজৰ পৰিয়ালৰ সংকটৰ সময়ত তেওঁক পূৰ্ণ সমৰ্থন জনাইছে মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী আৰু অধিনায়ক বিৰাট কোহলীয়ে ৷ এই সম্পৰ্কত ছিৰাজে কয়, শাস্ত্ৰী ছাৰ আৰু অধিনায়ক কোহলীক এই বাতৰি প্ৰদান কৰা হৈছে ৷ তেওঁলোকে মোক সাহসী হ'বলৈ কোৱাৰ লগতে সমৰ্থন আগবঢ়াইছে ৷"

লগতে পঢ়ক : আইএছএল 7 : আজি নৰ্থ ইষ্ট এফ চি বনাম মুম্বাই চিটী এফ চি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.