ETV Bharat / sports

পাকিস্তানৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্ত মিছবাহ উল হক - ৱাকাৰ ইউনিছক বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি

পাকিস্তানৰ প্ৰাক্তন অধিনায়ক মিছবাহ উল হকক বুধবাৰে পাকিস্তান ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷ ক্ৰিকেটৰ তিনিওটা ফৰমেটৰ বাবে আৰু তিনি বছৰৰ চুক্তিত তেওঁক নিযুক্তি প্ৰদান কৰা হয় ৷

পাকিস্তানৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্ত মিছবাহ উল হক
author img

By

Published : Sep 4, 2019, 8:40 PM IST

স্পৰ্টছ ডেস্ক, 4 ছেপ্তেম্বৰ : পাকিস্তানৰ প্ৰাক্তন অধিনায়ক মিছবাহ উল হকক বুধবাৰে পাকিস্তান ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷ ক্ৰিকেটৰ তিনিওটা ফৰমেটৰ বাবে আৰু তিনি বছৰৰ চুক্তিত তেওঁক নিযুক্তি প্ৰদান কৰা হয় ৷

পাকিস্তানৰ ক্ৰিকেট ব'ৰ্ডে প্ৰকাশ কৰা বিবৃতি অনুসৰি, পাঁচজনীয়া নিৰ্বাচক কমিটিয়ে তেওঁক নিৰ্বাচিত কৰে ৷ এই নিৰ্বাচক কমিটিত আছিল ইন্টিখাব আলম, ৱাজিদ খান, আছাদ আলি খান, ৱাছিম খান আৰু জাকিৰ খান ৷

ইয়াৰোপৰি, পূৰ্বৰ দুবাৰৰ মুখ্য প্ৰশিক্ষক ৱাকাৰ ইউনিছক মিছবাহ উল হকৰ মতৰ ভিত্তিত বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হয় ৷

নিযুক্তি লাভৰ পাছতে 45 বৰ্ষীয় মিছবাহে মন্তব্য কৰে যে, এয়া এক সন্মান আৰু দায়িত্ব ৷ ইয়াৰোপৰি, সকলোৱে তেওঁৰ পৰা আশা কৰে আৰু ইয়াৰ বাবে তেওঁ সাজু বুলি মন্তব্য কৰে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.