ETV Bharat / sports

মিথালী ৰাজৰ অভিলেখ

author img

By

Published : Mar 14, 2021, 3:37 PM IST

একানা ক্ৰিকেট ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা চতুৰ্থখন এদিনীয়া খেলত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এদিনীয়া অধিনায়ক মিথালী ৰাজৰ অভিলেখ । চতুৰ্থখন এদিনীয়া খেলত ভাৰতৰ হৈ ২১৩ সংখ্যক এদিনীয়া খেলি অভিলেখ ৰচে মিথালীয়ে ।

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এদিনীয়া অধিনায়ক মিথালী ৰাজৰ অভিলেখ

স্পৰ্টছ ডেস্ক,১৪ মাৰ্চ: ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এদিনীয়া অধিনায়ক মিথালী ৰাজৰ অভিলেখ । এদিনীয়া ক্ৰিকেটত ৭,০০০ ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত মিথালী ৰাজ । একানা ক্ৰিকেট ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা চতুৰ্থখন এদিনীয়া খেলত মিথালীয়ে এই কৃতিত্ব অৰ্জন কৰে । চতুৰ্থখন এদিনীয়া খেলত ভাৰতৰ হৈ ২১৩ সংখ্যক এদিনীয়া খেলি মিথালীয়ে অভিলেখ ৰচে ।

৩৮ বছৰীয়া মিথালী ইতিমধ্যে মহিলা ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ বেছি ৰাণ সংগ্ৰহকাৰী এদিনীয়া খেলুৱৈ । অন্তিম খেলত মিথালী সকলো ফ’ৰ্মেটত ১০,০০০ ৰাণ সম্পূৰ্ণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা । আনহাতে, আন্তৰ্জাতিক ক্ৰিকেটত ১০,০০০ ৰাণ সংগ্ৰহ কৰা দ্বিতীয়গৰাকী মহিলা মিথালী । ১০,২৭৩ ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী মহিলা হৈছে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক চাৰ্লট এডৱাডৰ্ছ ।

লগতে পঢ়ক: বিজয় হাজাৰৰেৰ ফাইনেলৰ প্ৰথম ইনিংছতে আঘাতপ্ৰাপ্ত পৃথ্বি শ্ব'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.