স্পৰ্টছ ডেস্ক, 28 জুলাই : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলি থকা তৃতীয়খন টেষ্ট বলিঙত দুৰ্দান্ত প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে ইংলেণ্ড দলটোৰ প্ৰতিভাৱান অভিজ্ঞ বলাৰ ষ্টুৱাৰ্ড ব্ৰডক ৷ ইতিমধ্যে তৃতীয়খন টেষ্টখনত 8 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে খেলুৱৈগৰাকীয়ে ৷ এতিয়া কেৱল এটা উইকেটৰ প্ৰয়োজন টেষ্ট ক্ৰিকেট কেৰিয়াৰত 500 টা আন্তঃৰাষ্ট্ৰীয় উইকেট দখলৰ বাবে ব্ৰডক ৷
এই সন্দৰ্ভত মাইকেল আথৰ্টনে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷ আথৰ্টনে কয়, চেম্পিয়ন খেলুৱৈৰ চিনাক্ত দলৰ পৰা কেনেকৈ বাহিৰ হ’ল সেইদৰে নহয় বৰঞ্চ দলত কেনেদৰে প্ৰত্যাৱৰ্তন কৰিছে সেই কথাৰে হে হয় ৷ যিটো এই শৃংখলাত ব্ৰডৰ ক্ষেত্ৰত দেখা পোৱা গৈছে ৷ লগতে তেওঁ কয় যে, ব্ৰডে 500 উইকেট লাভ কৰিয়ে সন্তুষ্ট নাথাকে ৷ তেওঁ 600 টা উইকেট ল’বলৈ বিচাৰিব ৷
টেষ্ট ক্ৰিকেটৰ ইংলেণ্ডৰ দ্বিতীয় সৰ্বশ্ৰেষ্ট বলাৰগৰাকীক প্ৰথমখন টেষ্টত দলৰ পৰা বাহিৰ কৰা হৈছিল ৷ দ্বিতীয় টেষ্টত প্ৰত্যাৱৰ্তনৰ পাচতেই 6 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ আনহাতে তৃতীয় টেষ্টৰ প্ৰথম ইনিংছটো 6 টা উইকেট লাভ কৰে খেলুৱৈগৰাকীয়ে ৷ আনকি বেটিঙটো ইংলেণ্ডৰ হৈ যুটীয়া ভাৱে দ্ৰুততম টেষ্ট অৰ্ধশতক অৰ্জন কৰা তৃতীয়গৰাকী খেলুৱৈৰ কৃতিত্ব লাভ কৰে ব্ৰডে ৷ তৃতীয়খন টেষ্টৰ প্ৰথম ইনিংছত 33 টা বলত অৰ্ধশতক অৰ্জন কৰিছিল ব্ৰডে ৷
লগতে চাওক-ৰোমাঞ্চকৰ স্থিতিত ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ টেষ্ট শৃংখলা