ETV Bharat / sports

বাংলাদেশ টি-20 দলৰ পৰা বাহিৰ মেহদী হাছান - মেহদী হাছান

আন্তঃৰাষ্ট্ৰীয় টি-20 ত্ৰিদেশীয় শৃংখলাৰ বাবে বাংলাদেশৰ ক্ৰিকেট দলৰ পৰা বাহিৰ মেহদী হাছান ৷

বাংলাদেশ টি-20 দলৰ পৰা বাহিৰ মেহদী হাছান
author img

By

Published : Sep 10, 2019, 5:00 PM IST

স্পৰ্টছ ডেস্ক, 10 ছেপ্তেম্বৰঃ বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় টি-20 ত্ৰিদেশীয় শৃংখলাৰ বাবে ঘোষণা কৰা হ’ল বাংলাদেশৰ 13 জনীয়া সদস্যৰ দল ৷ য’ত প্ৰথম দুখন টি-20 ৰ বাবে দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই অভিজ্ঞ খেলুৱৈ মেহদী হাছান ৷ আফগানিস্তান আৰু জিম্বাৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া প্ৰথম দুখন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচৰ পৰা বাহিৰ কৰা হৈছে খেলুৱৈগৰাকীক ৷ শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাত দুৰ্বল প্ৰদৰ্শন কৰাৰ বাবেই দলৰ পৰা বাহিৰ কৰা হৈছে হাছানক ৷ বাংলাদেশ আৰু জিম্বাৱেৰ মাজত প্ৰথমখন মেচ অনুষ্ঠিত হ’ব বাংলাদেশৰ মীৰপুৰত অহা 13 ছেপ্তেম্বৰত ৷

বাংলাদেশ দলটোত আছে- ছাকিব অল হাছান (অঃ) লিটন কুমাৰ দাস,ছমিয়া সৰকাৰ,মুছফিকুৰ ৰহীম,মহম্মদুল্লাহ,আফিফ হুচেইন, মুছদ্দাক হুচেইন,ছাবিৰ ৰহমান,তাইজুল ইছলাম,মহম্মদ ছাইফুদ্দিন,মুস্তাফিজুৰ ৰহিম,মেহদী হাছান আৰু য়েছিন আৰাফাত ৷

ETV SPORTS- IMAGE
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.