ETV Bharat / sports

মেক্সৱেলক সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে নেতৃত্বৰ সিদ্ধান্ত বহন কৰা উচিত : ভিট’ৰী

author img

By

Published : Apr 7, 2021, 2:11 PM IST

আইপিএলৰ দল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চমুকৈ আৰচিবিৰ প্ৰাক্তন প্ৰশিক্ষক ডেনিয়েল ভিট’ৰীয়ে কয় যে, এইবাৰ দলত নতুনকৈ যোগদান কৰা গ্লেন মেক্সৱেলৰ দায়িত্ব অধিক ৷ লগতে তেওঁ কয় যে, কোহলী আৰু ডি ভিলিয়ৰ্ছৰ অংশীদাৰ হৈ খেলত কম চাপ অনুভৱ কৰিব মেক্সৱেলে ।

Maxwell
মেক্সৱেল

স্পৰ্টছ ডেস্ক, 7 এপ্ৰিল : নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক তথা আইপিএলৰ দল আৰচিবিৰ প্ৰশিক্ষক ডেনিয়েল ভিট’ৰীয়ে কয় যে, আইপিএলৰ চতুৰ্দশ সংস্কৰণত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ সৈতে গ্লেন মেক্সৱেলে এক আশ্চৰ্যকৰ প্ৰদৰ্শন দেখুৱাব ৷ লগতে তেওঁ কয় যে, অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ মেক্সৱেলে অধিনায়ক বিৰাট কোহলী আৰু অ’পেনাৰ এবি ডি ভিলিয়ৰ্ছৰ সৈতে সহযোগিতাৰে খেলাৰ সময়ত কম চাপ অনুভৱ কৰিব ৷

আগন্তুক 9 এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া চলিত বৰ্ষৰ আইপিএলত আৰচিবি দলৰ হৈ খেলিব মেক্সৱেলে ৷ দলটোৱে 14.25 কোটি টকাত ক্ৰয় কৰিছে মেক্সৱেলক ৷ ইয়াৰ পূৰ্বৰ সংস্কৰণসমূহত মুম্বাই ইণ্ডিয়ানছ, দিল্লী কেপিটেলছ আৰু কিংছ ইলেভেন পঞ্জাৱৰ হৈ খেলিছিল অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গৰাকীয়ে ৷

সাধাৰণতে আৰচিবি দলত এবি আৰু কোহলীৰ ওপৰত গুৰুত্ব দিয়া হয় যদিও এইবাৰ মেক্সৱেলে ভাল প্ৰদৰ্শন কৰাৰ সম্ভাৱনা অধিক । সংবাদ মাধ্যমযোগে এই কথা ব্যক্ত কৰে ভিট’ৰীয়ে ৷ লগতে তেওঁ কয় যে, এইবাৰ মেক্সৱেলক বহু দায়িত্ব দিয়া হৈছে আৰু তেওঁৰ পৰা সৰ্বশ্ৰেষ্ঠ লাভ কৰাৰ প্ৰৱণতা আছে বুলি আশাবাদী ভিট’ৰী ।

লগতে পঢ়ক : আজি পাকিস্তানৰ বিৰুদ্ধে নিৰ্ণায়ক এদিনীয়াত দক্ষিণ আফ্ৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.