ETV Bharat / sports

বৰষুণৰ বাবে বাতিল ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন টি-20 মেচ - বৰষুণৰ বাবে বিলম্ব ভাৰত-শ্ৰীলংকাৰ প্ৰথম টি-20

বৰষুণৰ বাবে বাতিল হ’ল ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন টি-20 মেচ ৷ টছত জয়ী হৈ ভাৰতে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

ভাৰত বনাম শ্ৰীলংকা
বৰষুণৰ বাবে বিলম্ব ভাৰত-শ্ৰীলংকাৰ প্ৰথম টি-20
author img

By

Published : Jan 5, 2020, 7:50 PM IST

Updated : Jan 6, 2020, 10:30 AM IST

স্পৰ্টছ ডেস্ক, 5 জানুৱাৰীঃ বৰষুণৰ বাবে বাতিল হ'ল ভাৰত বনাম শ্ৰীলংকাৰ প্ৰথম টি-20 মেচ ৷ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত 7 বজাৰ পৰা আৰম্ভ হ'ব লগা মেচখনত বৰষুণ আঁতৰি যোৱাৰ পাচতো অৱশেষত 9.46 ত পিটচত পানী সোমাই যোৱাৰ বাবেই মেচখন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে আম্পায়াৰে ৷ ভাৰতে টছত জয়ী হৈ বলিঙ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

বিৰাট কোহলি আৰু লাচিথ মালিংগা
ভাৰত বনাম শ্ৰীলংকা প্ৰথম টি-20

মেচ বাতিল হোৱাতকৈ যথেষ্ট সমালোচনাৰ সন্মুখীন হ’ল সৰ্বানন্দ সোণোৱালে গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰাৰ কথা সততে কৈ অহাৰ সময়তেই চৰম অকৰ্মণ্যতা আৰু অদূৰদৰ্শীতাৰে নিজৰ স্বৰূপ উদঙালে অসম ক্ৰিকেট সংস্থাই ৷ পিটচ শুকোৱাবৰ বাবে লৈ আহিলে হেয়াৰ ড্ৰায়াৰ, ভেকুৱাম ক্লিনাৰ আৰু আইৰণ ৷ যাৰ পাচত সমগ্ৰ অসমক হাঁহিয়তৰ পাত্ৰ কৰিলে অসম ক্ৰিকেট সংস্থাৰ বিষয়ববীয়া সকলে ৷ পিট্চৰ পানী শুকুৱাবলৈ অসম ক্ৰিকেট সংস্থাই যি পদ্ধতি অৱলম্বন কৰিলে তাক দেখি হতভম্ব বিশ্বৰ ক্ৰিকেটপ্ৰেমী ৷ ছ'চিয়েল মিডিয়াতো সাংঘাতিক ধৰণে ট্ৰল দিয়া হৈছে অসম ক্ৰিকেট সংস্থাৰ কৰ্মকাণ্ডক ৷ কেৱল ছ'চিয়েল মিডিয়াতেই নহয়, ৰাষ্ট্ৰীয় সংবাদমাধ্যমতো প্ৰচাৰ হৈছে অসম ক্ৰিকেট সংস্থাৰ নাভূত-নাশ্ৰুত কাণ্ডৰ খবৰ ৷

ভাৰতীয় দলটোত আছিল : শিখৰ ধাৱান, লোকেশ ৰাহুল, বিৰাট কোহলি, শ্ৰেয়াস আয়াৰ, ঋষভ পন্ত, শিৱম ডুৱে, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, শাৰদুল ঠাকুৰ, নৱদ্বীপ ছাইনী, জছপ্ৰীত বুমৰাহ ৷

শ্ৰীলংকা দলটো আছিল: ডানুস্কা গোনাথিলাকা, অভিস্কা ফাৰ্নাণ্ডো, কুশল পেৰেৰা, অশাদা ফাৰ্নাণ্ডো, ভানুকা ৰাজাপাকছা, ধনঞ্জয়া ডি ছিলভা, দাছুন ছানাকা, ইছুৰু উদানা, ৱানিন্দো হাছাৰাংগা, লাহিৰু কুমাৰা, লাছিথ মালিংগা ৷

আৰু পঢ়ক : বিঘ্নিত হ’ব নেকি বৰ্ষাপাৰাত প্ৰথমখন টি-20 মেচ !

Intro:Body:Conclusion:
Last Updated : Jan 6, 2020, 10:30 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.