ETV Bharat / sports

2019 বৰ্ষৰ টেষ্টৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী মাৰ্নাছ লাবুছেইন - এই বৰ্ষত 1104 ৰাণ সংগ্ৰহ মাৰ্নাছ লাবুছেইনৰ

এই বৰ্ষত 1104 ৰাণ সংগ্ৰহ কৰিছে মাৰ্নাছ লাবুছেইনে ৷ দ্বিতীয় স্থানৰ ষ্টিভ স্মিথতকৈ 139 ৰাণ অধিক সংগ্ৰহ কৰিছে অষ্ট্ৰেলিয়াৰ বেটছমেন গৰাকীয়ে ৷

টেষ্টৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী
মাৰ্নাছ লাবুছেইন
author img

By

Published : Dec 31, 2019, 10:45 AM IST

স্পৰ্টছ ডেস্ক, 31 ডিচেম্বৰ : 2019 বৰ্ষত টেষ্ট মেচত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে অষ্ট্ৰেলিয়াৰ বেটছমেন মাৰ্নাছ লাবুছেইন ৷ ইয়াৰোপৰি, এই বৰ্ষত 1000 তকৈ অধিক ৰাণ সংগ্ৰহ কৰা তেওঁ একমাত্ৰ ক্ৰিকেটাৰ ৷

টেষ্টৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী
মাৰ্নাছ লাবুছেইন

সোঁহতীয়া বেটছমেন গৰাকীয়ে এই বৰ্ষত সৰ্বমুঠ 1104 ৰাণ সংগ্ৰহ কৰিছে আৰু দ্বিতীয় স্থানৰ ষ্টিভ স্মিথতকৈ 139 ৰাণত অগ্ৰগতি লাভ কৰিছে ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টেষ্ট ছিৰিজত লাবুছেইনে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে ৷ এই ছিৰিজতে মাৰ্নাছ লাবুছেইনে এটা শতক আৰু দুটা অৰ্ধ শতক অৰ্জন কৰিছে ৷

সোমবাৰে আইচিচিয়ে ঘোষণা কৰা টেষ্ট ৰেংকিঙত তেওঁ কেৰিয়াৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিঙত উপনীত হৈছে৷ এই ৰেংকিঙত তেওঁ চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে,দেওবাৰে অষ্ট্ৰেলিয়া দলে দ্বিতীয় টেষ্টত নিউজিলেণ্ড দলক 247 ৰাণত পৰাস্ত কৰে আৰু 3 খনীয়া শৃংখলাত 2-0 ত অগ্ৰগতি লাভ কৰিছে ৷

আৰু পঢ়ক : 2019 বৰ্ষৰ অন্তত টেষ্ট ৰেকিঙৰ শীৰ্ষ স্থানত কোহলি

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.