ETV Bharat / sports

আইচিচিৰ চেয়াৰমেন পদৰ বাবে গাংগুলীক সমৰ্থন ছাংগাক্কাৰাৰ

author img

By

Published : Jul 26, 2020, 2:12 PM IST

আইচিচিৰ চেয়াৰমেন পদৰ বাবে সৌৰভ গাংগুলীক সমৰ্থন আগবঢ়াইছে কুমাৰ ছাংগাক্কাৰাই ৷ এই পদৰ বাবে গাংগুলী এজন যোগ্য প্ৰাৰ্থী বুলি মন্তব্য কৰে শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক ছাংগাক্কাৰাই ৷

সৌৰভ গাংগুলী সম্পৰ্কত ছাংগাক্কাৰাৰ মন্তব্য
আইচিচিৰ চেয়াৰমেন পদৰ বাবে গাংগুলীক সমৰ্থন ছাংগাক্কাৰাৰ

স্পৰ্টছ ডেস্ক, 26 জুলাই : প্ৰাক্তন শ্ৰীলংকাৰ অধিনায়ক কুমাৰ ছাংগাক্কাৰাই দেওবাৰে আইচিচিৰ চেয়াৰমেন পদৰ বাবে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীক সমৰ্থন জনাইছে ৷ এক টিভি চেনেলত ছাংগাক্কাৰাই কয়, "মই ভাবো যে, সৌৰভে পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব৷ তেওঁ এজন সুদক্ষ ক্ৰিকেটাৰ বাবেই নহয়, ক্ৰিকেট সম্পৰ্কত তেওঁৰ বিশাল জ্ঞানৰ বাবেও মই তেওঁৰ অনুৰাগী ৷"

প্ৰাক্তন শ্ৰীলংকাৰ অধিনায়ক
কুমাৰ ছাংগাক্কাৰা

ছাংগাক্কাৰাই লগতে কয়, "তেওঁৰ অন্তৰৰ পৰা ক্ৰিকেটৰ প্ৰতি আগ্ৰহ দেখা পোৱা যায় ৷ কিন্তু বিচিচিআই(BCCI), ইচিবি(ECB) অথবা এছএলচিৰ (SLC) সদস্য হিচাপে নহয় আইচিচিৰ সদস্য হিচাপে পৰিৱৰ্তন আনিব পৰা যাব ৷"

ছাংগাক্কাৰা হৈছে মেলবৰ্ণ ক্ৰিকেট ক্লাৱৰ (MCC) প্ৰথমজন অ-ব্ৰিটিছ অধ্যক্ষ ৷ ছাংগাক্কাৰাই কয় যে, আন্তৰাষ্ট্ৰীয় ক্ৰিকেট বৰ্ড এখনৰ প্ৰধান দায়িত্বত থাকিবলৈ হ'লে সকলো ক্ৰিকেট খেলা দেশক অন্তৰৰ পৰা ভাল পাব লাগিব ৷

প্ৰাক্তন ভাৰতীয় অধিনায়ক
সৌৰভঙ গাংগুলী

তেওঁ কয়, "আপোনাৰ মনটো আন্তৰাষ্ট্ৰীয় হ'ব লাগিব আৰু এখন দেশৰ পৰা আহিছো বুলি মনোভাৱ ৰাখিব নালাগিব..মই ভাৰতীয়, শ্ৰীলংকান, অষ্ট্ৰেলিয়ান অথবা ইংলিছ বুলি ভবাৰ পৰিৱৰ্তে মই এজন ক্ৰিকেটাৰ আৰু ক্ৰিকেট খেলা দেশসমূহৰ বাবে ভাল কাম কৰিম বুলি ভাবিব লাগিব৷"

"গুৰুত্বপূৰ্ণ কথাটো হৈছে এই খেলবিধৰ আধাৰ হৈছে বিশ্বৰ শিশু, অনুৰাগী আৰু দৰ্শকসকল ৷ মই ভাবো সৌৰভে এই দায়িত্ব ভালদৰে পালন কৰিব পাৰিব ৷"

তেওঁ কয়, "বিচিচিআইৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বেই মই তেওঁৰ কাম চাইছো ৷ তেওঁ বিশ্বৰ খেলুৱৈসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে ৷ মোৰ কোনো সন্দেহ নাই যে, সৌৰভ এজন যোগ্য প্ৰাৰ্থী হ'ব ৷"

লগতে পঢ়ক : মানচেষ্টাৰ টেষ্ট : দ্বিতীয় দিনৰ অন্তত শক্তিশালী স্থিতিত ইংলেণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.