ETV Bharat / sports

ভাৰতৰ সফলতম টেষ্ট অধিনায়ক ‘‘বিৰাট কোহলি’’

author img

By

Published : Sep 3, 2019, 2:52 PM IST

Updated : Sep 3, 2019, 4:43 PM IST

ভাৰতীয় ক্ৰিকেট দলৰ সফলতম টেষ্ট অধিনায়ক হিচাপে পৰিগণিত হ’ল বিৰাট কোহলি ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত জয় লাভেৰে শৃংখলা দখল কৰাৰ লগতে এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয় কোহলিয়ে ৷

ভাৰতৰ সফলতম টেষ্ট অধিনায়ক ‘‘বিৰাট কোহলি’’

স্পৰ্টছ ডেস্ক, 3 ছেপ্তেম্বৰঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা দুখন মেচৰ টেষ্ট শৃংখলাত 'ক্লীন চুইপেৰে' এক নতুন কৃতিত্বৰ অধিকাৰী হ’ল ভাৰতৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলি ৷ বেটেৰে বহু অভিলেখ গঢ়িবলৈ সক্ষম হোৱা বিৰাটৰ নামত এইবাৰ খোদিত হ’ল ভাৰতীয় টেষ্ট ক্ৰিকেটৰ আটাইতকৈ সফলতম অধিনায়কৰ অভিলেখ ৷ মহেন্দ্ৰ সিং ধোনীৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব অৰ্জন কৰিলে খেলুৱৈগৰাকীয়ে ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জামাইকাত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত জয় লাভৰ লগে-লগেই এই অভিলেখ ৰচে কোহলিয়ে ৷ কোহলিৰ এইখন আছিল 28 সংখ্যক টেষ্ট মেচত জয় লাভ ৷

  • অধিনায়ক
  • মেচ
  • জয়
  • পৰাজয়
  • ড্ৰ’
  • জয়ৰ হাৰ
বিৰাট কোহলি 48 28 10 10 58.33%
মহেন্দ্ৰ সিং ধোনী 60 27 18 15 45.00%
সৌৰভ গাংগুলী 49 21 13 15 42.86%
মহম্মদ আজহাৰুদ্দিন 47 14 14 19 29.79%
মনচুৰ আলী খান পাটাউদী 40 09 19 12 22.50%
সুনীল গাভাস্কাৰ 47 09 08 30 19.15%

ইপিনে বিদেশৰ ভূমিতো টেষ্ট ক্ৰিকেটত জয় লাভৰ ক্ষেত্ৰত প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে বিৰাট কোহলিয়ে ৷

Kohli Resigister his name as most Successfull test capation for India
সৌৰভ গাংগুলীৰ অভিলেখ ভংগ

গাংগুলীয়ে বিদেশৰ ভূমিত 28 খন টেষ্ট মেচৰ 11 খনত জয় লাভ কৰাৰ বিপৰীতে কোহলিয়ে 27 খন টেষ্ট মেচৰ 13 খনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷ ধোনীৰ অৱসৰৰ পাচতেই 2014 চনৰ পৰা ভাৰতীয় টেষ্ট ক্ৰিকেটৰ অধিনায়কৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল বিৰাট কোহলিয়ে ৷

OWN- IMAGE
Last Updated : Sep 3, 2019, 4:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.