স্পৰ্টছ ডেস্ক, 20 জানুৱাৰী : দেওবাৰে চিন্নস্বামী ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত তৃতীয় মেচত ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে এক দূৰ্দান্ত ইনিংছ উপহাৰ দিয়াৰ লগতে অন্য এক অভিলেখৰ গৰাকী হয় ৷ এই ইনিংছৰ জৰিয়তে 5000 ৰাণ সংগ্ৰহ কৰা দ্ৰুততম এদিনীয়া অধিনায়ক হিচাপে পৰিগণিত হয় বিৰাট কোহলী ৷ উল্লেখ্য যে, পূৰ্বে এই অভিলেখৰ অধিকাৰী আছিল প্ৰাক্তন ভাৰতীয় অধিনায়ক মহেন্দ্ৰ সিং ধোনী ৷
-
5⃣0⃣0⃣0⃣ runs as ODI Captain for @imVkohli.
— BCCI (@BCCI) January 19, 2020 " class="align-text-top noRightClick twitterSection" data="
Fastest to achieve this feat 👑 pic.twitter.com/Dw5toHvqBg
">5⃣0⃣0⃣0⃣ runs as ODI Captain for @imVkohli.
— BCCI (@BCCI) January 19, 2020
Fastest to achieve this feat 👑 pic.twitter.com/Dw5toHvqBg5⃣0⃣0⃣0⃣ runs as ODI Captain for @imVkohli.
— BCCI (@BCCI) January 19, 2020
Fastest to achieve this feat 👑 pic.twitter.com/Dw5toHvqBg
ধোনীয়ে 127 ইনিংছত এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছিল যদিও কোহলীয়ে কেৱল 82 সংখ্যক ইনিংছতে এই অভিলেখৰ গৰাকী হয় ৷ এই তালিকাত তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকী পন্টিং আৰু দক্ষিণ আফ্ৰিকাৰ গ্ৰেম স্মিথ ৷ পন্টিঙে 131 সংখ্যক ইনিংছত আৰু স্মিথে 135 সংখ্যক ইনিংছত এই অভিলেখ গঢ়িছিল ৷
-
Back to back half-centuries for Virat Kohli
— BCCI (@BCCI) January 19, 2020 " class="align-text-top noRightClick twitterSection" data="
This is his 57th in ODIs https://t.co/VThwmeOEBJ #INDvAUS pic.twitter.com/esn0ODKHGh
">Back to back half-centuries for Virat Kohli
— BCCI (@BCCI) January 19, 2020
This is his 57th in ODIs https://t.co/VThwmeOEBJ #INDvAUS pic.twitter.com/esn0ODKHGhBack to back half-centuries for Virat Kohli
— BCCI (@BCCI) January 19, 2020
This is his 57th in ODIs https://t.co/VThwmeOEBJ #INDvAUS pic.twitter.com/esn0ODKHGh
আনহাতে, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমানৰ বিচিচিআই সভাপতি সৌৰভ গাংগুলীয়ে 136 সংখ্যক ইনিংছত এই সাফল্য অৰ্জন কৰিছিল ৷
আৰু পঢ়ক : ছুপাৰ ছানডে' : ক্ৰীড়া অনুৰাগীৰ বাবে দিনটোৰ তিনিটা শুভ ক্ষণ