ETV Bharat / sports

62 বছৰীয়া হ'ল প্ৰাক্তন ভাৰতীয় অধিনায়ক কপিল দেৱ - কপিল দেব

ভাৰতক প্ৰথমবাৰৰ বাবে বিশ্ব কাপৰ মুকুট পিন্ধাবলৈ সক্ষম হোৱা কপিল দেৱৰ 62 বছৰীয়া জন্ম দিনত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰায় সংখ্যক ক্ৰিকেটাৰে আজি টুইটাৰ যোগে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

Kapil Dev turns 62: Sachin, Virat lead wishes
62 বছৰীয়া হ'ল প্ৰাক্তন ভাৰতীয় অধিনায়ক কপিল দেৱ
author img

By

Published : Jan 6, 2021, 6:01 PM IST

নিউজ ডেস্ক, 6 জানুৱাৰী : 1983 চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলক বিশ্ব চেম্পিয়ন কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন ক্ৰিকেটাৰ তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱৰ আজি 62 সংখ্যক জন্মদিন ৷ ভাৰতক প্ৰথমবাৰৰ বাবে বিশ্ব কাপৰ মুকুট পিন্ধাবলৈ সক্ষম হোৱা কপিল দেৱে আজি 62 বছৰত ভৰি দিলে ৷

Kapil Dev turns 62: Sachin, Virat lead wishes
62 বছৰীয়া হ'ল প্ৰাক্তন ভাৰতীয় অধিনায়ক কপিল দেৱ

এই উপলক্ষে বুধবাৰে প্ৰায় সংখ্যক ভাৰতীয় ক্ৰিকেটাৰে কপিল দেৱক টুইটাৰযোগে জন্মদিনৰ শুভেচ্ছা দিয়া দেখা যায় ৷ ভাৰতীয় ক্ৰিকেটাৰ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে টুইটাৰত লিখিলে, " জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি আপোনাৰ আগন্তক সময়খিনি আনন্দময় হওঁক আৰু আপুনি সুস্বাস্থ্যৰ অধিকাৰী হোৱা তাৰে কামনা কৰিছো ৷"

ইফালে, ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলীয়ে জন্মদিনৰ শুভেচ্ছা জনোৱা লগতে পৰিয়ালৰ লোকলৈ আজিৰ আনন্দময় দিনটোৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ৷ ইয়াৰ সমান্তৰালভাৱে য়ুৱৰাজ সিঙে টুইটাৰত লিখে এইদৰে, "ভাৰতীয় চেম্পিয়ন আৰু সৰ্বশ্ৰেষ্ঠ অলৰাউণ্ডাৰজনলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো ৷ আগন্তক সময়ত আপুনি সু-স্বাস্থ্যৰ অধিকাৰী হওঁক ৷"

  • Happy Birthday @therealkapildev 🎂. Wishing you happy times ahead for you and your family. Have a wonderful and a healthy year ahead.

    — Virat Kohli (@imVkohli) January 6, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বিচিচিআই) আৰু আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিল (আইচিচি) য়েও প্ৰাক্তন ক্ৰিকেটাৰজনক টুইটাৰযোগে আনুষ্ঠানিকভাৱে শুভেচ্ছা জ্ঞাপন কৰে ৷

উল্লেখ্য যে, ছয় বছৰতকৈ অধিক টেষ্ট ক্ৰিকেটৰ যাত্ৰাত ৪৩৪ টা উইকেট দখলেৰে বিশ্বৰ ভিতৰতে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল কপিল দেৱে ৷ ১৯৭৮ চনৰ পৰা ১৯৯৪ চনৰ ভিতৰত ১৩১ খন টেষ্ট আৰু ২২৫ খন এদিনীয়া ক্ৰিকেট শৃংখলাত অংশ লৈছিল কপিল দেৱে ৷

লগতে পঢ়ক: মাজুলীৰ স্বাস্থ্যখণ্ডক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.