ETV Bharat / sports

19 বছৰ অনুৰ্ধ বিশ্বকাপত হতাহতিত জড়িত ক্ৰিকেটাৰক শাস্তি প্ৰদানৰ দাবী জ্যেষ্ঠ ভাৰতীয় খেলুৱৈৰ - মহম্মদ আজাহাৰুদ্দিন

অনুৰ্দ্ধ 19 বিশ্বকাপত হতাহতিক লৈ খেলুৱৈৰ ওপৰত অসন্তুষ্ট হৈ পৰিছে কপিল দেৱ আৰু আজাহাৰ উদ্দিন ৷ ভাৰতীয় খেলুৱৈসকলক বিচিচিআইয়ে শাস্তি প্ৰদান কৰিব লাগে বুলি জনায় প্ৰাক্তন ক্ৰিকেটাৰ দুগৰাকীয়ে ৷

এই কাণ্ডত অসন্তুষ্ট প্ৰাক্তন ক্ৰিকেটাৰ
অনুৰ্দ্ধ-19 বিশ্বকাপত হতাহতি
author img

By

Published : Feb 12, 2020, 7:00 PM IST

Updated : Feb 12, 2020, 7:15 PM IST

স্পৰ্টছ ডেস্ক, 12 ফেব্ৰুৱাৰী : 19 বছৰ অনুৰ্ধ বিশ্বকাপ ক্ৰিকেটত বাংলাদেশ দলৰ সৈতে ভাৰতীয় দলে হতাহতিত লিপ্ত হোৱাত অসন্তুষ্ট হৈ পৰিছে ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক কপিল দেৱ আৰু মহম্মদ আজাহাৰ উদ্দিন ৷ সেয়েহে হতাহতিৰ সৈতে জড়িত খেলুৱৈসকলক শাস্তি প্ৰদানৰ বাবে বিচিচিআইক আহ্বান জনাইছে দুই প্ৰাক্তন খেলুৱৈয়ে ৷

অনুৰ্দ্ধ-19 বিশ্বকাপত হতাহতি
অনুৰ্দ্ধ 19 ভাৰতীয় দল

দেওবাৰে চেনৱেছ পাৰ্কত অনুষ্ঠিত মেচত ডাকৱৰ্থ লিৱিছ পদ্ধতিৰে বাংলাদেশে ভাৰতক তিনি উইকেটত পৰাস্ত কৰাৰ পাচতে দুয়ো দলৰ খেলুৱৈসকলে বাকবিতণ্ডাত লিপ্ত হোৱাৰ লগতে হতাহতি কৰিছিল ৷

এই সম্পৰ্কত কপিল দেৱে কয়, "এক উদাহৰণ স্থাপনৰ বাবে বিচিচিআইয়ে খেলুৱৈসকলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে ৷ ক্ৰিকেটৰ অৰ্থ এইটো নহয় যে, বিৰোধীক অপমান কৰিব লাগে ৷ এই ঘটনাৰ ফলত বিচিচিআইয়ে খেলুৱৈসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷"

অনুৰ্দ্ধ-19 বিশ্বকাপত হতাহতি
5 খেলুৱৈক শাস্তি প্ৰদান

তেওঁ লগতে কয়, "মই ক্ৰিকেটত আক্ৰমণাত্মক মনোভাৱক আদৰণি জনাওঁ, ইয়াত কোনো ভুল নাই ৷ কিন্তু এয়াও সীমিত পৰিমাণত হ'ব লাগে ৷ প্ৰতিযোগিতাৰ নামত শালীনতাৰ সীমা পাৰ কৰা উচিত নহয় ৷ এনেকুৱা অপ্ৰীতিকৰ ঘটনা খেলপথাৰত প্ৰদৰ্শন কৰাটো অগ্ৰহণযোগ্য ৷"

উল্লেখ্য যে, আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (ICC) নিয়ম উলংঘা কৰাৰ অপৰাধত বাংলাদেশৰ তিনি খেলুৱৈ- তৌহিদ হৃদয়, ছামিম হোছেইন আৰু ৰকিবুল হাছান আৰু ভাৰতৰ দুই খেলুৱৈ- আকাশ সিং আৰু ৰবি বিঞ্চৈক শাস্তি প্ৰদান কৰিছে ৷

আনহাতে, কপিলৰ কথাত সমৰ্থন জনাই আজাহাৰুদ্দিনেও খেলুৱৈসকলে নিয়মানুৱৰ্তিতা ভংগ কৰাৰ অপৰাধত শাস্তি লাভ কৰিব লাগে বুলি মন্তব্য কৰে ৷

আজাহাৰ উদ্দিনে কয়, "অনুৰ্দ্ধ 19 দলৰ খেলুৱৈসকলক মই হোৱা হ'লে শাস্তি প্ৰদান কৰিলোহেঁতেন ৷ কিন্তু মই এই কথাও জানিব বিচাৰো যে, এই যুৱ খেলুৱৈসকলক নিয়মানুৱৰ্তিতা শিকাবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ বহু দেৰি হোৱাৰ পূৰ্বে ব্যৱস্থা গ্ৰহণ কৰা উচিত ৷ খেলুৱৈসকল নিয়মানুৱৰ্তী হ'ব লাগিব ৷"

ইয়াৰ পূৰ্বে প্ৰিয়ম গাৰ্গ নেতৃত্বাধীন দলটোৰ ওপৰত খৰ্গহস্ত হৈ পৰিছিল বিশন সিং বেদীও ৷ তেওঁ কৈছিল যে, দলটোৰ ব্যৱহাৰ অগ্ৰহণযোগ্য আৰু ঘৃণনীয় ৷

আৰু পঢ়ক :নিউজিলেণ্ডৰ হাতত বিধস্ত ভাৰত : হোৱাইট ৱাশ্বৰ সন্মুখীন

Last Updated : Feb 12, 2020, 7:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.