ETV Bharat / sports

মইন আলী সন্দৰ্ভত তছলিমা নাছৰিনৰ টুইটৰ পাচতে সমালোচনা জফ্ৰা আৰ্চাৰৰ

মইন আলী সম্পৰ্কত আপত্তিজনক মন্তব্য কৰি সকলোৰে সমালোচনাৰ সন্মুখীন হৈছে বাংলাদেশৰ সাহিত্যিক তছলিমা নাছৰিন ৷ নাছৰিনক কঠোৰ ভাষাৰে সমালোচনা জনায় জফ্ৰা আৰ্চাৰে ৷

জফ্ৰা আৰ্চাৰ
জফ্ৰা আৰ্চাৰ
author img

By

Published : Apr 7, 2021, 2:11 PM IST

স্পৰ্ট ডেস্ক, 7 এপ্ৰিল : খেলপথাৰত এজন আক্ৰমণাত্মক বলাৰ হ'লেও এইবাৰ ব্যতিক্ৰমী ৰূপত পৰিলক্ষিত হয় ইংলেণ্ড পেচাৰ জফ্ৰা আৰ্চাৰক ৷ বাংলাদেশৰ সাহিত্যিক তছলিমা নাছৰিনক টুইটাৰত এক সুন্দৰ প্ৰত্যুত্তৰ দি সকলোৰে হৃদয় জিনিলে পেচাৰ গৰাকীয়ে ৷

জফ্ৰা আৰ্চাৰৰ টুইট
জফ্ৰা আৰ্চাৰৰ টুইট

তছলিমাই কৈছিল যে, ইংলেণ্ডৰ অল ৰাউণ্ডাৰ মইন আলিয়ে ক্ৰিকেট নেখেলাহেঁতেন আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন ISIS ত যোগদান কৰিলেহেঁতেন ৷

আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত 96 টা উইকেট সংগ্ৰহ কৰা আৰ্চাৰে ইয়াৰ প্ৰত্যুত্তৰ দি কয়, "আপুনি ঠিকে আছেনে ? মই নাভাৱো যে, আপুনি ঠিকে আছে ৷"

বাংলাদেশৰ সাহিত্যিক গৰাকীয়ে ইয়াৰ পাচতে সমগ্ৰ ঘটনাটো ব্যংগাত্মক বুলি মন্তব্য কৰে ৷ তেওঁ লিখে, "মোক সমালোচনা কৰা লোকসকলে এই কথা ভালদৰে জানে যে, মইন আলী সম্পৰ্কত দিয়া টুইটতো ব্যংগাত্মক আছিল ৷ কিন্তু তেওঁলোকে মোক অপদস্থ কৰিবলৈ সুযোগ লৈছে কাৰণ মই মুছলিম সমাজক ধৰ্ম নিৰপেক্ষ কৰাৰ চেষ্টা কৰাৰ লগতে ইছলামিক ধৰ্মান্ধতাৰ বিৰোধিতা কৰি আহিছো ৷"

কিন্তু আৰ্চাৰে এই টুইটতো কোনো কাৰণতে ব্যংগাত্মক নহয় বুলি পুনৰ টুইট কৰে ৷ তেওঁ কয়, "ব্যংগাত্মক ? কোনেও হাঁহিব পৰা নাই, আনকি আপুনিও, এতিয়া আপুনি টুইটতো ডিলেট কৰিব পাৰে ৷"

ইংলেণ্ডৰ প্ৰাক্তন পেচাৰ ৰিয়ান চাইডবটমে কয়, "আপোনাৰ স্বাস্থ্য ঠিকে আছেনে এবাৰ পৰীক্ষা কৰা উচিত ৷ অথবা টুইটতো ডিলেট কৰিব পাৰে ৷"

লগতে পঢ়ক : ইটালীত অনুষ্ঠিত এটিপি 250 ৰ পৰা বাহিৰ সুমিত নাগাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.