ETV Bharat / sports

টেষ্টত বীৰেন্দৰ ছেহৱাগৰ স্থান ল'ব ৰোহিত শৰ্মাই : পাঠান - সীমিত অ'ভাৰৰ সহ-অধিনায়ক ৰোহিত শৰ্মা

টেষ্টত ভাৰতৰ বীৰেন্দৰ ছেহৱাগৰ স্থান ৰোহিত শৰ্মাই ল'ব বুলি মন্তব্য ইৰফান পাঠানৰ ৷

ভাৰতীয় দলৰ সহ-অধিনায়ক
ৰোহিত শৰ্মা
author img

By

Published : Jul 28, 2020, 2:57 PM IST

স্পৰ্টছ ডেস্ক, 28 জুলাই : বীৰেন্দৰ ছেহৱাগে ভাৰতীয় ক্ৰিকেট দলৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাচৰ পৰা বিশেষকৈ টেষ্ট দলত তেওঁৰ স্থান কোনো খেলুৱৈয়ে পূৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ কিন্তু,ইৰফান পাঠানে ভাৱে যে,ভাৰতীয় দলত ছেহৱাগৰ দৰে এজন বেটছমেনৰ বাবে অপেক্ষাৰ অন্ত পৰিছে ৷

ৰোহিত শৰ্মা
ৰোহিত শৰ্মাৰ টেষ্ট ক্ৰিকেটৰ প্ৰদৰ্শন

পাঠানে বিশ্বাস কৰে যে,বৰ্তমানৰ সীমিত অ'ভাৰৰ সহ-অধিনায়ক ৰোহিত শৰ্মাই বীৰেন্দৰ ছেহৱাগৰ টেষ্ট অপেনাৰৰ অভাৱ পূৰ কৰিবলৈ সক্ষম হ'ব ৷

মধ্যক্ৰমৰ বেটছমেন হিচাপে 2013 চনত টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ ঘটোৱা ৰোহিত শৰ্মাক যোৱা বছৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট মেচত প্ৰথমবাৰৰ বাবে অপেনাৰ হিচাপে সুযোগ প্ৰদান কৰা হৈছিল ৷ আনহাতে,সীমিত অ'ভাৰতো অপেনাৰ হিচাপে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ দুৰ্দান্ত বেটছমেন গৰাকীয়ে ৷

প্ৰাক্তন ভাৰতীয় অ'পেনাৰ
বীৰেন্দৰ ছেহৱাগ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যোৱা বছৰ অনুষ্ঠিত হোৱা তিনিখনীয়া টেষ্ট মেচত ৰোহিতে 529 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে,অপেনাৰ হিচাপে অভিষেক মেচতে দুটাকৈ শতক অৰ্জন কৰা প্ৰথমগৰাকী বেটছমেন হিচাপেও পৰিগণিত হৈছিল ৰোহিত শৰ্মা ৷

পাঠানে বিশ্বাস কৰে যে,যোৱা বছৰ ৰোহিতে এদিনীয়াত সংগ্ৰহ কৰা অভিলেখৰ বাবেই তেওঁ অধিক আত্মবিশ্বাসী হৈ উঠিছে ৷ ৰোহিতে 2019 বিশ্বকাপ,2019ত পাঁচটাকৈ শতকসহ 1490 ৰাণ সংগ্ৰহ কৰিছিল ৷

বিশ্বকাপ,টি-20 জয়ী ভাৰতীয় দলৰ সদস্য পাঠানে কয় যে,"টেষ্ট ক্ৰিকেটৰ লগতে এদিনীয়া ক্ৰিকেটতো আমি ৰোহিতৰ দ্বিশতক দেখিবলৈ পালো ৷ অহা বছৰসমূহত তেওঁ যিমান মেচত অংশগ্ৰহণ কৰিব তেওঁ বীৰেন্দৰ ছেহৱাগৰ দৰেই দলত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব ৷"

যোৱা দুটা বছৰত ৰোহিতৰ দুৰ্দান্ত প্ৰদৰ্শন সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছিল ৷ পাঠানে কয়,"যোৱা দুবছৰত এজন বেলেগ ৰোহিত শৰ্মাক দেখা পালো,যিজনে ইটোৰ পাচত সিটো শতক অৰ্জন কৰিব বিচাৰে ৷ ইয়াৰ ফলত অহা কিছু বছৰত তেওঁ টেষ্ট ক্ৰিকেটতো ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব ৷"

লগতে পঢ়ক : ৰোমাঞ্চকৰ স্থিতিত ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ টেষ্ট শৃংখলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.