ETV Bharat / sports

ধোনীৰ আন্তৰাষ্ট্ৰীয় কেৰিয়াৰৰ সৈতে আইপিএলৰ কোনো সম্পৰ্ক নাই : আশীষ নেহৰা

2019 চনৰ আইচিচি বিশ্বকাপৰ ছেমিফাইনেলত অন্তিমবাৰৰ বাবে ধোনীয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰিছিল ৷ মানচেষ্টাৰত অনুষ্ঠিত সেই মেচত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে 18 ৰাণত পৰাস্ত হৈছিল ৷

author img

By

Published : Aug 2, 2020, 7:43 PM IST

প্ৰাক্তন ভাৰতীয় বেগী বলাৰ
আশীষ নেহৰা

স্পৰ্টছ ডেস্ক, 2 আগষ্ট : প্ৰাক্তন ভাৰতীয় বেগী বলাৰ আশীষ নেহৰাই বিশ্বাস কৰে যে, আগন্তুক আইপিএলে মহেন্দ্ৰ সিং ধোনীৰ আন্তৰাষ্ট্ৰীয় কেৰিয়াৰত কোনো ব্যাঘাত জন্মাব নোৱাৰে ৷ উল্লেখ্য যে, 2019 চনৰ আইচিচি বিশ্বকাপৰ ছেমিফাইনেলত অন্তিমবাৰৰ বাবে ধোনীয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰিছিল ৷ মানচেষ্টাৰত অনুষ্ঠিত সেই মেচত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে 18 ৰাণত পৰাস্ত হৈছিল ৷

এম. এছ. ধোনী
ধোনী সম্পৰ্কত আশীষ নেহৰাৰ মন্তব্য

পূৰ্বে অনুমান কৰা হৈছিল যে, আইপিএলত প্ৰদৰ্শনৰ ভিত্তিতে টি-20 বিশ্বকাপত ধোনীয়ে স্থান লাভ কৰিবলৈ সক্ষম হ'ব ৷ কিন্তু কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে বিচিচিআইয়ে প্ৰথম অৱস্থাত আইপিএল স্থগিত ৰাখিছিল যদিও বৰ্তমান 19 ছেপ্টেম্বৰৰ পৰা আৰৱ গণৰাজ্যত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ আইচিচিয়ে টি-20 বিশ্বকাপ স্থগিত ৰখাৰ পাচতে ছেপ্টেম্বৰৰ পৰা আইপিএল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

নেহৰাই কয়, "এম. এছ. ধোনীৰ আন্তৰাষ্ট্ৰীয় কেৰিয়াৰৰ সৈতে আইপিএলৰ কিবা সম্পৰ্ক আছে বুলি মই নাভাবো ৷ আপুনি যদি নিৰ্বাচক হয়, আপুনি যদি অধিনায়ক হয়, আপুনি যদি প্ৰশিক্ষক হয় তেন্তে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে, তেওঁ যদি খেলিবলৈ সম্পূৰ্ণ সাজু তেন্তে তেওঁ মোৰ তালিকাত সদায় প্ৰথম স্থানত থাকিব ৷"

ধোনী সম্পৰ্কত আশীষ নেহৰাৰ মন্তব্য
আইপিএলৰ ট্ৰফী

তেওঁ কয়, "মই যিমান ধোনীক জানো, তেওঁ দেশৰ বাবে অন্তিমখন মেচ আনন্দেৰে খেলিছে ৷ তেওঁ একো প্ৰমাণ কৰাৰ প্ৰয়োজন নাই ৷ তেওঁ যিহেতু অৱসৰৰ কথা ঘোষণা কৰা নাই তেন্তে তেওঁ এই সম্পৰ্কত চিন্তা কৰিব আৰু কি চিন্তা কৰিছে জনাব ৷"

নেহৰাই কয়, "মোৰ বাবে ধোনীৰ খেল কেতিয়াও নিম্ন মানদণ্ডৰ হোৱা নাই ৷ অন্তিম মেচখনত ধোনীয়ে প্ৰদৰ্শন কৰোতে ভাৰতে বিশ্বকাপৰ ফাইনেললৈ উন্নীত হোৱাৰ সুবিধা আছিল, কিন্তু তেওঁ আউট হৈ যোৱাৰ লগে লগে সকলো আশা শেষ হৈ যায় ৷ ইয়াৰ পৰা এয়া জানিব পাৰি যে, তেওঁৰ খেল কেনে পৰ্যায়ত আছিল ৷ তেওঁ জানে দলটো কিদৰে পৰিচালিত কৰিব লাগে ৷ তেওঁ দলৰ যুৱ খেলুৱৈসকলক উৎসাহিত কৰিব জানে ৷ এই কথাবোৰ প্ৰতিবাৰে কোৱাৰ প্ৰয়োজন নাই ৷"

তেওঁ লগতে কয়, "এজন খেলুৱৈ হিচাপে আইপিএলে ধোনীৰ আলোড়নক প্ৰভাৱান্বিত কৰিব পাৰিব বুলি মই নাভাবো ৷ আইপিএলৰ দৰে এখন টুৰ্ণামেন্ট ধোনীৰ নিৰ্বাচনৰ মাপকাঠী হ'ব নোৱাৰে, এয়া কেৱল মুখৰ কথা ৷"

লগতে পঢ়ক : বিগত বৰ্ষৰ অক্টোবৰৰ পৰা ভাৰতীয় ক্ৰিকেটাৰে লাভ কৰা নাই দৰমহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.