ETV Bharat / sports

26 চেপ্তম্বৰৰ পৰা আৰম্ভ হ'ব 'আইপিএল-13' : তথ্য় - 26 চেপ্তম্বৰৰ পৰা আৰম্ভ হ'ব 'আইপিএল-13' : তথ্য়

আইপিএলৰ ত্ৰয়োদশ সংস্কৰণৰ আয়োজনকলৈ অব্য়াহত আছে জল্পনা-কল্পনা । অষ্ট্ৰেলিয়াত টি-20 বিশ্বকাপৰ আয়োজনৰ পৰিকল্পনা অবাস্তৱ বুলি ক্ৰিকেট অষ্ট্ৰেলিয়াৰ পৰা কোৱাৰ পাচতেই আইপিএলৰ আয়োজনৰ সম্ভাৱনাৰ দিশে অগ্ৰসৰ হৈছে বিচিচিআই ।

IPL 2020 may be played in September
IPL 2020 may be played in September
author img

By

Published : Jun 17, 2020, 3:40 PM IST

স্পৰ্টছ ডেস্ক, 17 জুনঃ সকলো ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ মাজত আটাইতকৈ জনপ্ৰীয় লীগ হৈছে আইপিএল । COVID-১৯ ৰ পাচত আইপিএলৰ আয়োজনক লৈ অধিক আগ্ৰহেৰে বাট চাইছে সকলো ভাৰতীয় ক্ৰীড়া প্ৰেমী ৰাইজে । কৰ'ণা ভাইৰাছৰ ফলতেই চলিত বৰ্ষৰ 29 মাৰ্চৰ পৰা হ'বলগীয়া হাই ভল্টেজ টুৰ্ণামেণ্টখনৰ আয়োজন অনিৰ্দিষ্ট কাললৈ স্থগিত কৰিছিল বিচিচিআইয়ে ।

বিচিচিআই
বিচিচিআই

ইয়াৰ পিচতেই আইপিএলৰ ত্ৰয়োদশ আয়োজনক লৈ চলি আহিছে বিভিন্ন জল্পনা-কল্পনা । সেইয়া লাগিলে বিদেশত আয়োজন কৰাৰ কথাই হওক অথবা বন্ধ দুৱাৰৰ মাজত আয়োজনৰ । কিন্তু শেহতীয়াকৈ ক্ৰীড়াপ্ৰেমীৰ বাবে আহিছে আন এটা ভাল খবৰ । বৃদ্ধি পাইছে আইপিএল আয়োজনৰ সম্ভাৱনীয়তা ।

অৱশ্যে বৰ্তমানলৈকে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ বিচিচিআইয়ে এই সন্দৰ্ভত একো মন্তব্য প্ৰদান নকৰিলেও সংবাদ সূত্ৰৰ পৰা জানিব পৰা মতে, চলিত বৰ্ষৰ 26 চেপ্তেম্বৰৰ পৰা আয়োজন কৰা হ'ব আইপিএলৰ 2020 বৰ্ষৰ ত্ৰয়োদশ সংস্কৰণ । তথ্য় মতে, 26 চেপ্তেম্বৰৰ পৰা 8 অক্টোবৰলৈ চলিব এই প্ৰতিযোগিতা ।

আনহাতে জানিব পৰা মতে, বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে দৰ্শক অবিহনে আইপিএল আয়োজনকলৈও কিছু আশংকা ব্যক্ত কৰিছে । কিন্তু ক্ৰিকেট অষ্ট্ৰেলিয়াৰ পৰা এইবৰ্ষত টি-20 বিশ্বকাপ আয়োজনৰ পৰিকল্পনা অবাস্তৱ বুলি উল্লেখ কৰাৰ পাচতেই বিচিচিআইৰ বাবে আইপিএল আয়োজনৰ পথ প্ৰশস্ত হৈ পৰিছে । অৱশ্যে এতিয়াও আইচিচিয়ে ঘোষণা কৰা নাই টি-20 বিশ্বকাপৰ বাতিল অথবা স্থগিত কৰাৰ কথা ।

ইপিনে যদিহে চেপ্তেম্বৰত আইপিএল আয়োজন কৰা হয়, তেন্তে ভাৰতৰ কোন কোন চহৰত ইয়াৰ আয়োজন কৰা হ'ব তাৰ ওপৰতো চৰ্চা চলিছে বুলি জানিব পৰা গৈছে । এই ক্ষেত্ৰত দক্ষিণ ভাৰতত আয়োজনৰ সম্ভাৱনা আছে কাৰণ সেই সময়ত মৌচুমী বায়ুৰ প্ৰকোপ নাথাকিব এই ক্ষেত্ৰীয় অঞ্চল সমূহত । চেন্নাই আৰু বেংগালুৰুত আয়োজন কৰোওৱা হ'ব পাৰে আইপিএলৰ মেচ ।

বিচিচিআইৰ ফালৰ পৰা মুম্বাইত আয়োজনৰ প্ৰথম অগ্ৰাধিকাৰ আছিল যদিও মহাৰাষ্ট্ৰত কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ বৰ্ধিত হাৰৰ প্ৰতি লক্ষ্য কৰি মুম্বাইত মেচ অনুষ্ঠিত কৰাৰ আশা যথেষ্ট ক্ষীণ । যদি পৰৱৰ্তী সময়ত পৰিস্থিতি সলনি হয় তেন্তে মুম্বাইত আইপিএলৰ মেচ অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিব পাৰে বিচিচিআইয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.