ETV Bharat / sports

প্ৰিয়ম গাৰ্গৰ শতক, 66 ৰানত পৰাস্ত দক্ষিণ আফ্ৰিকা

ভাৰতীয় 19 অনুৰ্ধ্ব ক্ৰিকেটৰ অধিনায়ক প্ৰিয়ম গাৰ্গৰ শতকীয় ইনিংছৰ ফলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয় লাভ ভাৰতৰ ৷ চাৰিখন দেশৰ শৃংখলাৰ জয়েৰে আৰম্ভ ভাৰতৰ ৷

author img

By

Published : Jan 4, 2020, 10:14 AM IST

প্ৰিয়ম গাৰ্গৰ শতক
প্ৰিয়ম গাৰ্গৰ শতক

স্পৰ্টছ ডেস্ক, 4 জানুৱাৰীঃ সুন্দৰ প্ৰদৰ্শন অব্যাহত আছে ভাৰতীয় 19 অনুৰ্ধ্ব ক্ৰিকেট দলৰ ৷ চাৰিখন দেশৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত জয় লাভ ভাৰতৰ ৷ অধিনায়ক প্ৰিয়ম গাৰ্গৰ শতকীয় ইনিংছৰ ফলতেই জয় লাভ ভাৰতীয় দলটোৰ ৷ ভাৰতীয় দলটোৱে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত 5 উইকেট হেৰুৱাই 264 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকা দলটোৱে কেৱল 9 উইকেট হেৰুৱাই 198 ৰান হে কৰিবলৈ সক্ষম হয় ৷

প্ৰিয়ম গাৰ্গৰ 110 ৰানৰ ইনিংছৰ বাবেই ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 66 ৰানৰ বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হয় ৷ চাৰিখন দেশৰ এই শৃংখলাত আন দুটা দল হৈছে নিউজিলেণ্ড আৰু জিম্বাবৱে ৷ জিম্বাবৱেৰ বিৰুদ্ধে অহা 5 জানুৱাৰীত আৰু 7 জানুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে সন্মুখ সমৰত নামিব ভাৰত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.