স্পৰ্টছ ডেস্ক, 16 নৱেম্বৰ: ইন্দোৰত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত বৃহৎ জয় ভাৰতৰ ৷ বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত এটা ইনিংছ সহ 130 ৰানত জয় লাভ ভাৰতীয় দলটোৰ ৷ এই জয়ৰ পাচত টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত শক্তিশালীস্থিতিত ভাৰত ৷ প্ৰথমখন টেষ্টৰ তৃতীয় দিনাই জয় নিশ্চিত কৰে ভাৰতীয় দলটোৱে ৷ বাংলাদেশৰ দ্বিতীয় ইনিংছ তৃতীয় দিনা 213 ৰানতে সমাপ্ত হয় ৷ বাংলাদেশৰ হৈ মুছফিকুৰ ৰহিমে সৰ্বাধিক 64 ৰান কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ মহম্মদ শ্বামীয়ে সৰ্বাধিক 4 টা উইকেট দখল কৰাৰ বিপৰীতে ৰবিচন্দ্ৰন আশ্বিন আৰু উমেশ যাদৱে 2 টা, ইশান্ত শৰ্মাই লাভ কৰে 1 টা উইকেট ৷
ইয়াৰ পূৰ্বে বাংলাদেশ দলটোৱে প্ৰথম ইনিংছত 150 ৰানত অল আউট হৈছিল ৷ ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে 6 উইকেট হেৰুৱাই 493 ৰান কৰি ইনিংছ ঘোষণা কৰিছিল ৷ ভাৰতৰ হৈ ময়ংক আগৰৱালে 243 ৰান কৰাৰ বিপৰীতে চেতেশ্বৰ পূজাৰাই 54, ৰোহিত শৰ্মা 6, বিৰাট কোহলি 0, অজ্যিংকা ৰাহানে 86, ঋদ্ধিমান শ্বাহা 12, ৰবিন্দ্ৰ জাডেজা অপৰাজিত 60 আৰু উমেশ যাদৱে অপৰাজিত 25 ৰান কৰিছিল ৷
অহা 22 ৰ পৰা 26 নৱেম্বৰলৈ অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট ৷ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব এই ঐতিহাসিক দিবা-নৈশ মেচখন ৷
লগতে চাওক-ইতিহাসত আজিৰ দিনটো