ETV Bharat / sports

প্ৰথমখন টেষ্টঃ তৃতীয় দিনৰ অন্তত 385 ৰান দক্ষিণ আফ্ৰিকাৰ

author img

By

Published : Oct 4, 2019, 7:33 PM IST

দক্ষিণ আফ্ৰিকাৰ ডেন এলগাৰ আৰু কুইণ্টন ডি কক্ৰ শতকীয় ইনিংছৰে কঠিন প্ৰত্যাহ্বান ভাৰতক ৷ 8 উইকেটৰ বিনিময়ত 385 ৰান সংগ্ৰহ দক্ষিণ আফ্ৰিকাৰ ৷

প্ৰথমখন টেষ্টঃ তৃতীয় দিনৰ অন্তত 385 ৰান দক্ষিণ আফ্ৰিকাৰ

স্পৰ্টছ ডেস্ক, 4 অক্টোবৰঃ দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত বিশাখাপট্টনমত অনুষ্ঠিত হৈ থকা প্ৰথমখন টেষ্টৰ তৃতীয় দিনৰ খেলৰ অন্তত 8 উইকেটৰ বিনিময়ত 385 ৰান সংগ্ৰহ দক্ষিণ আফ্ৰিকাৰ ৷ দক্ষিণ আফ্ৰিকাৰ হৈ ডেন এলগাৰে 160 ৰান কৰাৰ বিপৰীতে কুইণ্টন ডি কক্ কে 111 ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হয় ৷ আনহাতে অধিনায়ক ফেৱ ডু প্লেছিছে 55 ৰানৰ বৰঙণি আগবঢ়ায় ৷ ইপিনে এডেন মাৰ্কৰাম 5, ব্ৰুয়েন 4, ডেন পেয়েড 0, টেম্বা বাবুম্বা 18, ফিলেণ্ডাৰ 0 ৰান কৰে ৷ বৰ্তমান ক্ৰীজত মুথুশ্বামী 12 আৰু কেছৱ মাহাৰাজ 3 ৰান কৰি অপৰাজিত হৈ আছে ৷

ৰবি চন্দ্ৰন আশ্বিন
ৰবি চন্দ্ৰন আশ্বিন

ভাৰতৰ হৈ আটাইতকৈ সফল বলাৰ হিচাপে পৰিগণিত হৈছে ৰবি চন্দ্ৰন আশ্বিন ৷ আশ্বিনে 128 ৰান দি 5 টা উইকেট লোৱাৰ বিপৰীতে জাডেজাই 116 ৰান দি 2 টা, ইশান্ত শৰ্মাই 1 টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছে ৷

ইয়াৰ পূৰ্বে টছত জয়ী হৈ প্ৰথমে বেটিং কৰি ভাৰতে ৰোহিতৰ 176 আৰু ময়ংক আগৰৱালৰ 215 ৰানৰ বিনিময়ত 7 উইকেট হেৰুৱাই বিশাল 502 ৰান কৰি প্ৰথম ইনিংছ ঘোষণা কৰিছিল ৷ তৃতীয় দিনৰ খেলৰ অন্তত 117 ৰানৰ ব্যৱধানত পিছ পৰি আছে দক্ষিণ আফ্ৰিকা দলটো ৷

লগতে চাওকঃ ইৰাকত গণ বিদ্ৰোহঃ নিহত 34, আহত 1500

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.