স্পৰ্টছ ডেস্ক, 13 জুনঃ বিশ্বকাপৰ 18 সংখ্যক মেচত আজি মুখামুখি হ'ব ভাৰত আৰু নিউজিলেণ্ড ৷ দুয়োটা দলে বৰ্তমানলৈকে 2019 বিশ্বকাপত অপ্ৰতিৰোধ্য ৷ ভাৰতে য'ত নিজৰ দুখনকৈ মেচত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ বিপৰীতে নিউজিলেণ্ডে শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তানক পৰাস্ত কৰি পইণ্টছ টেবুলৰ শীৰ্ষত উপনীত আছে ৷ অৱশ্যে প্ৰতিকূল বতৰৰ বাবে মেচখনক লৈ অনিশ্চিয়তাই বিৰাজ কৰিছে ৷
আজিৰ মেচখনত ভাৰতীয় দলটোৰ প্ৰদৰ্শন বহু পৰিমাণে নিৰ্ভৰ কৰিব বিৰাট কোহলি, ৰোহিত শৰ্মা, কে.এল ৰাহুল, ধোনীৰ লগতে জছপ্ৰীত বোমৰাহ, ভূৱনেশ্বৰ কুমাৰ, যুজৱেন্দ্ৰ চাহাল আৰু কুলদ্বীপ যাদৱৰ ওপৰত ৷ আনহাতে নিউজিলেণ্ডৰ কেন উলিয়ামচন, মাৰ্টিল গুপটিল, ৰছ টেইলৰ, মিটচেল ছেন্টনাৰ, ট্ৰণ্ট বল্ট আদি খেলুৱৈৰ পৰা সাৱধান থাকিব লাগিব ভাৰতীয় দলটো ৷
ভাৰত আৰু নিউজিলেণ্ডে ইয়াৰ পূৰ্বে বিশ্বকাপত 7 খন মেচত মুখামুখি হৈছে ৷ ইয়াৰে 3 খনত ভাৰতে জয় লাভ কৰাৰ বিপৰীতে 4 খনত বিজয়ী হৈছে নিউজিলেণ্ড ৷ ইপিনে এদিনীয়া ক্ৰিকেটত দুয়োটা দলে 106 বাৰৰ বাবে মুখামুখি হৈছে ৷ য'ত 55 খনত ভাৰতে আৰু 45 খনত নিউজিলেণ্ডে জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে এখন মেচ টাই হোৱাৰ বিপৰীতে 5 খন মেচ অমীমাংসিত হৈ ৰয় ৷