ETV Bharat / sports

দ্বিতীয় এদিনীয়াঃ টছত জয় লাভ ভাৰতৰ, প্ৰথমে বলিঙৰ সিদ্ধান্ত

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অকলেণ্ডত আজি দ্বিতীয়খন এদিনীয়া মেচ ৷ শৃংখলাত বৰ্তি থাকিবলৈ ভাৰতৰ বাবে জয় অপৰিহাৰ্য ৷ টছত জয় লাভ কৰি প্ৰথমে বলিঙৰ সিদ্ধান্ত ভাৰতৰ ৷

author img

By

Published : Feb 8, 2020, 7:18 AM IST

Updated : Feb 8, 2020, 7:27 AM IST

India vs newzealand
India vs newzealand

স্পৰ্টছ ডেস্ক, 8 ফেব্ৰুৱাৰীঃ শৃংখলাত জীৱিত থকাৰ উদ্দেশ্যৰে অকলেণ্ডত আজি নিউজিলেণ্ডৰ বিৰুদ্ধে মুখামুখি হৈছে ভাৰত ৷ ভাৰতীয় দলৰ বাবে অগ্নিপৰীক্ষা স্বৰূপ দ্বিতীয়খন এদিনীয়াত প্ৰথমে বলিঙৰ সিদ্ধান্ত অধিনায়ক বিৰাট কোহলিৰ ৷ তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত পৰাজয়বৰণ কৰাৰ পাচত শৃংখলাত বৰ্তি থাকিবলৈ আজিৰ মেচখনত জয়ৰ নিতান্তই প্ৰয়োজন ভাৰতক ৷ প্ৰথমখন এদিনীয়াত 347 ৰানৰ বিশাল স্ক’ৰ গঢ়ি তোলাৰ পাচতো 4 উইকেটত পৰাজয়বৰণ কৰিবলগীয়া হৈছিল বিৰাট নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৷

এই মেচখনৰ বাবে ভাৰতীয় দলটোত দুটা সাল-সলনি কৰা হৈছে ৷ মহম্মদ শ্বামীৰ স্থানত নৱদ্বীপ চাইনী আৰু কুলদ্বীপ যাদৱৰ স্থানত যুজৱেন্দ্ৰ চহল ক স্থান দিয়া হৈছে ৷ আনহাতে নিউজিলেণ্ড দলটোৰ হৈ এদিনীয়া ক্ৰিকেটত অভিষেক কৰিছে কাইল জেমিচনে ইপিনে মিটচেল চেণ্টনাৰ স্থানত মাৰ্ক চেপমেনক দলত অন্তৰ্ভুক্ত কৰা হৈছে ৷ তিনিখন মেচৰ এদিনীয়া শৃংখলাখনত 1-0 ৰ অগ্ৰগতি লৈ আছে ঘৰুৱা দল নিউজিলেণ্ডে ৷

Intro:Body:

India vs newzealand Toss

Conclusion:
Last Updated : Feb 8, 2020, 7:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.