ETV Bharat / sports

হেমিল্টনত প্ৰথমখন এদিনীয়া, সন্মুখ সমৰত ভাৰত-নিউজিলেণ্ড

টি-20 শৃংখলাত বৃহৎ জয় লাভৰ পাচতেই বুধবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ অভিযানত নামিব ভাৰত ৷

author img

By

Published : Feb 4, 2020, 11:42 PM IST

হেমিল্টনত প্ৰথমখন এদিনীয়া, সন্মুখ সমৰত ভাৰত-নিউজিলেণ্ড
হেমিল্টনত প্ৰথমখন এদিনীয়া, সন্মুখ সমৰত ভাৰত-নিউজিলেণ্ড

স্পৰ্টছ ডেস্ক, 4 ফেব্ৰুৱাৰীঃ বুধবাৰে হেমিল্টনৰ ছেড্ডন পাৰ্কত অনুষ্ঠিত হ’ব ভাৰত আৰু নিউজিলেণ্ডৰ মাজত তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ ৷ ভাৰতীয় সময় অনুসৰি পুৱা 7 বাজি 30 মিনিটত অনুষ্ঠিত হ’ব খেলখন ৷ দুয়োটা দলে এই ষ্টেডিয়ামত বৰ্তমানলৈকে 6 খন মেচত মুখামুখি হৈছে ৷ য’ত ভাৰতে 1 খন আৰু নিউজিলেণ্ডে 5 খন মেচত জয়ৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছে ৷

নিউজিলেণ্ড বনাম ভাৰত
নিউজিলেণ্ড বনাম ভাৰত

5-0 ব্যৱধানত টি-20 শৃংখলা দখল কৰাৰ পাচত এদিনীয়া শৃংখলাও নিজৰ দখল কৰাৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব ভাৰতীয় দলটো ৷ অৱশ্যে ভাৰতীয় দলটোৰ বাবে চিন্তনীয় বিষয় হৈছে খেলুৱৈৰ আঘাত ৷ ইতিমধ্যে দলৰ পৰা বাহিৰ হৈছে ৰোহিত শৰ্মাকে ধৰি শিখৰ ধাৱান ৷ অন্তিমখন টি-20 ত আঘাত প্ৰাপ্ত হৈছিল ৰোহিত শৰ্মা ৷ যাৰ বাবে এদিনীয়াৰ লগতে টেষ্ট শৃংখলাৰ পৰাও বাহিৰ হ’ল খেলুৱৈগৰাকী ৷

হেমিল্টনত প্ৰথমখন এদিনীয়া

যাৰ বাবে এদিনীয়া শৃংখলাত শিখৰ ধাৱানৰ স্থানত পৃথ্বী শ্ব’ আৰু ৰোহিত শৰ্মাৰ স্থানত ময়ংক আগৰৱালক দলত স্থান দিয়া হ’ব ৷ ইপিনে উইকেটকীপাৰ ভূমিকাত থাকিব কে.এল ৰাহুল ৷ আনহাতে নিউজিলেণ্ড দলটোৰ লক্ষ্য হ’ব টি-20 শৃংখলাত শোচনীয় পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ ৷ গতিকে দৰ্শকে কাইলৈ এক উত্তেজনাপূৰ্ণ মেচ উপভোগ কৰিবলৈ পাব বুলি আশা প্ৰকাশ কৰিব পাৰি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.