ETV Bharat / sports

দিল্লীত শৃংখলা দখলৰ লক্ষ্য ভাৰত-অষ্ট্ৰেলিয়াৰ - delhi

ধাৰাবাহিক ভাৱে দুখনকৈ মেচৰ পৰাজয়ৰ ভাৰতে প্ৰতিশোধ লোৱাৰ বিপৰীতে গৃহভূমিত মুখথেকেছাৰ প্ৰতিশোধ লোৱাৰ লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ'ব কেংগাৰু বাহিনী ।

দিল্লীত শৃংখলা দখলৰ লক্ষ্য হ'ব ভাৰত-অষ্ট্ৰেলিয়াৰ
author img

By

Published : Mar 12, 2019, 11:07 PM IST

স্পৰ্টছ ডেস্ক, ১২ মাৰ্চঃবিশ্বকাপৰ পূৰ্বে অন্তিমখন এদিনীয়া শৃংখলা জয়ৰ লক্ষ্যৰে বুধবাৰে খেলপথাৰত নামিব বিৰাট এণ্ড কোম্পানী । দিল্লীৰ ফিৰশ্বাহ ক'টলাত দিনৰ ১.৩০ বজাত অনুষ্ঠিত হ'ব অন্তিমখন এদিনীয়া । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম দুখন এদিনীয়াত সহজে জয় লাভ কৰাৰ পাচত প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে ভাৰতীয় দলটো । চতুৰ্থখন এদিনীয়াত বিশাল স্কৰৰ পিচতো পৰাজয়বৰণ কৰাটো চিন্তাৰ কাৰণ হৈ পৰিছে এতিয়া অধিনায়ক বিৰাটৰ বাবে । বলিং-বেটিঙত ভাৰতীয় দলটোৰ প্ৰদৰ্শন উন্নত হলেও চিন্তাৰ কাৰণ হৈ পৰিছে দলটোৰ ফ্লিডিং ।

etv bharat assam
দিল্লীত শৃংখলা দখলৰ লক্ষ্য হ'ব ভাৰত-অষ্ট্ৰেলিয়াৰ

ভাৰতীয় দলটোক বিশ্বকাপ খিতাপৰ বাবে প্ৰবল দাবীদাৰ বুলি অনুমান কৰা হৈছে যদিও চতুৰ্থখন এদিনীয়াত পৰাজয়ে অন্তিম একাদশক লৈ এতিয়া বহু প্ৰশ্নৰ সৃষ্টি কৰিছে । গতিকে বিশ্বকাপৰ পূৰ্বে অন্তিমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত জয় লাভেৰে শৃংখলা দখলৰ চেষ্টা চলাব ভাৰতীয় দলটোৱে ।

ইপিনে অষ্ট্ৰেলিয়া দলটোৱে ইয়াৰ পূৰ্বে ভাৰতৰ ভূমিত ২০০৯ চনৰ পিচত দ্বিপাক্ষীয় শৃংখলাত জয় লাভ কৰিবলৈ সক্ষম হোৱা নাই । উল্লেখ্য যে, অষ্ট্ৰেলিয়াই ভাৰতত প্ৰথম দুখন মেচত পৰাস্ত হোৱাৰ পিচত শৃংখলা জয় কৰিবলৈ কেতিয়াও সক্ষম হোৱা নাই । গতিকে এতিয়া এৰণ ফিন্সৰ হাতত আহি পৰিছে ইতিহাস ৰচনা কৰাৰ এক সুৰ্ৱণ সুযোগ । পাঁচমেচৰ এদিনীয়া শৃংখলাত ২-২ ৰ সমতা স্থাপন কৰি আছে ভাৰত-অষ্ট্ৰেলিয়াই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.