ETV Bharat / sports

দ্বিতীয় টেষ্টত শক্তিশালী স্থিতিত ভাৰত - হেট-ট্ৰিক

কিংগছ্টনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা দ্বিতীয় টেষ্টত দুৰ্দান্ত প্ৰদৰ্শন ভাৰতৰ ৷

দ্বিতীয়খন টেষ্টত শক্তিশালী স্থিতিত ভাৰত
author img

By

Published : Sep 1, 2019, 9:53 AM IST

Updated : Sep 1, 2019, 11:33 AM IST

স্পৰ্টছ ডেস্ক, 1 ছেপ্তেম্বৰঃ কিংগছ্টনত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত শক্তিশালী স্থিতিত ভাৰত ৷ ভাৰতৰ প্ৰথম ইনিংছত 416 ৰানৰ প্ৰত্যুত্তৰত ধৰাশায়ী হয় ৱেষ্ট ইণ্ডিজ ৷ দ্বিতীয় দিনৰ খেলৰ অন্তত 7 উইকেট হেৰুৱাই 87 ৰান সংগ্ৰহ ৱেষ্ট ইণ্ডিজৰ ৷ মেচখনত টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৱেষ্ট ইণ্ডিজে ৷ ৱেষ্ট ইণ্ডিজৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰি ভাৰতে 416 ৰান কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ হনুমা বিহাৰীয়ে টেষ্ট কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰাৰ বিপৰীতে বিৰাট কোহলি, মায়াংক আগৰৱাল আৰু ইশান্ত শৰ্মাই অৰ্ধশতক অৰ্জন কৰে ৷

India stands at Strong Position against West Indies in Second Test
হনুমা বিহাৰীৰ টেষ্ট কেৰিয়াৰৰ প্ৰথমটো শতক

হনুমা বিহাৰীয়ে 111, মায়ংক আগৰৱাল 55, কে.এল ৰাহুল 13, চেতেশ্বৰ পূজাৰাই 6, বিৰাট কোহলিয়ে 76, আজ্যিংকা ৰাহানে 24, ঋষভ পন্তে 27, ৰবীন্দ্ৰ জাডেজাই 16 আৰু ইশান্ত শৰ্মাই 57 ৰান কৰিবলৈ সক্ষম হয় ৷ ৱেষ্ট ইণ্ডিজৰ হৈ জেছন হল্ডাৰে 5 টা, ৰাহকিম কৰ্ণাৱেলে 3 টা, কেমাৰ ৰছ আৰু ক্ৰীগ ব্ৰেথৱেটে 1 টা কৈ উইকেট লাভ কৰে ৷

ভাৰতৰ প্ৰথম ইনিংছৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজ দলটোৱে বেটিং কৰিবলৈ আহি চৰম বিপৰ্যয়ৰ সন্মুখীন হয় ৷ দলটোৱে কেৱল 22 ৰানতেই 5 টা উইকেট হেৰুৱায় ৷ দ্বিতীয় দিনৰ খেলৰ অন্তত দলটোৱে 7 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 87 ৰান ৷

বোমৰাহৰ হেট-ট্ৰিক

মেচখনত জছপ্ৰীত বোমৰাহে হেইট-ট্ৰিক অৰ্জন কৰি ভাৰতৰ হৈ টেষ্ট ক্ৰিকেটত হেট-ট্ৰিক অৰ্জন কৰা তৃতীয় গৰাকী খেলুৱৈৰ কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে ৷ বুমৰাহে বৰ্তমানলৈকে 16 ৰান দি দখল কৰিছে 6 টা উইকেট ৷

CRICBUZZ- IMAGE STROY
Last Updated : Sep 1, 2019, 11:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.