ETV Bharat / sports

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা দখল ভাৰতৰ - বিৰাট কোহলি

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জামাইকা টেষ্টত 257 ৰানৰ বৃহৎ জয়েৰে টেষ্ট শৃংখলা দখল ভাৰতৰ ৷ এই জয়েৰে টেষ্ট ক্ৰিকেটত ভাৰতৰ আটাইতকৈ সফলতম অধিনায়ক হিচাপে পৰিগণিত হ’ল বিৰাট কোহলি ৷

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা দখল ভাৰতৰ
author img

By

Published : Sep 3, 2019, 6:32 PM IST

স্পৰ্টছ ডেস্ক, 3 ছেপ্তেম্বৰঃ জামাইকা টেষ্টত বৃহৎ জয় লাভ ভাৰতৰ ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত 257 ৰানেৰে জয় লাভ কৰি টেষ্ট শৃংখলাত ক্লীন চুইপ ভাৰতৰ ৷ বিৰাট কোহলিৰ এইটো আছিল টেষ্ট মেচত অধিনায়ক হিচাপে 28 সংখ্যক জয় ৷ এই জয় লাভেৰে মহেন্দ্ৰ সিং ধোনীৰ অভিলেখ ভংগ কৰি টেষ্ট ক্ৰিকেটত ভাৰতৰ আটাইতকৈ সফল অধিনায়ক হিচাপে পৰিগণিত হ’ল বিৰাট কোহলি ৷

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা দখল ভাৰতৰ
2-0 ব্যৱধানত শৃংখলা দখল ভাৰতৰ৷

মেচখনত টছত জয়ী প্ৰথমে ভাৰতক বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনাইছিল ঘৰুৱা দলটোৱে ৷ ভাৰতে প্ৰথম ইনিংছত হনুমা বিহাৰীৰ শতক আৰু বিৰাট,মায়ংক আগৰৱালা,ইশান্ত শৰ্মাৰ অৰ্ধশতকীয় ইনিংছৰ বাবদ সংগ্ৰহ কৰিছিল বিশাল 416 ৰান ৷ ইয়াৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজ দলটোৱে জছপ্ৰীত বোমৰাহৰ বিধ্বংসী বলিঙৰ আগত তচনছ হৈ পৰে ৷ কেৱল 117 ৰানতে অল-আউটৰ সন্মুখীন হয় ঘৰুৱা দলটো ৷

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা দখল ভাৰতৰ
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা দখল ভাৰতৰ

ভাৰতে দ্বিতীয় ইনিংছত 4 উইকেটৰ বিনিময়ত 168 ৰানতে ইনিংছৰ ঘোষণা কৰে ৷ 478 ৰানৰ বৃহৎ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি দ্বিতীয় ইনিংছতো ৱেষ্ট ইণ্ডিজৰ আৰম্ভণি যথেষ্ট দুৰ্বল হয় ৷ দলটোৱে প্ৰথমটো উইকেট কেৱল 9 ৰান আৰু দ্বিতীয়টো 37 ৰানত হেৰুৱায় ৷ ইয়াৰ পাচত দলটোক ডেৰেণ ব্ৰেভ’,শ্বামৰাহ ব্ৰুকছে স্থিৰতা দিয়াৰ চেষ্টা চলায় যদিও আঘাতপ্ৰাপ্ত হৈ ক্ৰীজ ত্যাগ কৰে ব্ৰেভ’ই ৷ ব্ৰেভ’ৰ স্থানত আই চি চি ৰ নতুন নিয়ম অনুসৰি ব্লেকৱুডক স্থান দিয়া হয় ৷ ব্লেকৱুড আৰু ব্ৰুকছে ৱেষ্ট ইণ্ডিজৰ স্কৰ বৰ্ড পুনৰ আগুৱাই নিয়াৰ চেষ্টা চলায় যদিও ব্ৰুকছ (50) আৰু ব্লেকৱুড (39) ৰান কৰি পেভিলিয়নমুখী হয় ৷

ইয়াৰ পাচতে দলটোৰ কোনো এজন খেলুৱৈয়ে অধিক সময় ক্ৰীজত তিষ্ঠি থাকিব নোৱাৰি কেৱল 210 ৰানতে অল আউটৰ সন্মুখীন হয় ৷ ভাৰতৰ হৈ দ্বিতীয় ইনিংছত ৰবিন্দ্ৰ জাডেজা আৰু মহম্মদ ছামিয়ে 3 টাকৈ উইকেট দখল কৰে ৷ আনহাতে ইশান্ত শৰ্মাই 2 টা আৰু জছপ্ৰীত বোমৰাহে 1 টা উইকেট লাভ কৰিবলৈ সক্ষম হয় ৷ 2-0 ব্যৱধানত শৃংখলা দখল কৰে ভাৰতে ৷

OWN- IMAGE
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.