ETV Bharat / sports

ইডেন গাৰ্ডেনত প্ৰথম দিবা-নৈশ টেষ্ট মেচ আয়োজনৰ পৰিকল্পনা বিচিচিআইৰ

author img

By

Published : Oct 27, 2019, 11:57 PM IST

দিবা-নৈশ টেষ্ট মেচ আয়োজনৰ প্ৰস্তাৱ বিচিচিআইৰ ৷ ভাৰত-বাংলাদেশ টেষ্ট শৃংখলাৰ এখন মেচ দিবা-নৈশ্য কৰাৰ চিন্তা-চৰ্চা চলাইছে বিচিচিআইয়ে ৷

ইডেন গাৰ্ডেনত প্ৰথম দিবা-নৈশ্য টেষ্ট মেচ আয়োজনৰ পৰিকল্পনা বিচিচিআইৰ

স্পৰ্টছ ডেস্ক, 27 অক্টোবৰ: অহা তিনি নৱেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব বাংলাদেশ ক্ৰিকেট দল ৷ তিনিখন টি-20 ৰ লগতে দুখন টেষ্ট শৃংখলাত অৱতীৰ্ণ হ’ব বাংলাদেশ ক্ৰিকেট দলটো ৷ ইতিমধ্যে দুখন মেচৰ টেষ্ট শৃংখলাৰ এখন মেচ দিবা-নৈশ টেষ্ট হিচাপে আয়োজন কৰাৰ চিন্তা-চৰ্চা চলাইছে বিচিচিআইয়ে ৷ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্ট মেচ দিবা-নৈশ মেচ হিচাপে আয়োজন কৰাৰ বাংলাদেশ ক্ৰিকেট বৰ্ডক প্ৰস্তাৱ প্ৰদান বিচিচিআইৰ ৷

বাংলাদেশ ক্ৰিকেট বৰ্ড
বাংলাদেশ ক্ৰিকেট বৰ্ড

এই সন্দৰ্ভত আকৰম খানে উল্লেখ কৰে, বিচিচিআইয়ে দিবা-নৈশ টেষ্ট মেচ সন্দৰ্ভত আমাক প্ৰস্তাৱ দিছে ৷ এই সন্দৰ্ভত আমি চিন্তা-চৰ্চা কৰি আমাৰ ৰায় প্ৰদান কৰিম ৷ বিচিচিআইৰ পৰা আমি দুই তিনি দিন পূৰ্বে পত্ৰ লাভ কৰিছো ৷

ইডেন গাৰ্ডেন
ইডেন গাৰ্ডেন

উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ নৱ নিযুক্ত সৌৰভ গাংগুলীয়েও বিৰাট কোহলিৰ দিবা-নৈশ টেষ্ট মেচ অনুষ্ঠিত কৰাৰ মন্তব্যৰ সৈতে সহমত প্ৰকাশ কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.