স্পৰ্টছ ডেস্ক, 29 ডিচেম্বৰ : আজিংকা ৰাহানেৰ নেতৃত্বত ভাৰতীয় দলে অল ৰাউণ্ড প্ৰদৰ্শন আগবঢ়োৱা বুলি মন্তব্য কৰে ভাৰতীয় বেটছমেন শিখৰ ধাৱানে ৷ পিংক বল টেষ্টত পৰাস্ত হোৱাৰ লগতে বিৰাট কোহলীৰ অনুপস্থিতিত দ্বিতীয় টেষ্টত জয়েৰে ভাৰতে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে ধাৱানে ৷
ক্ৰিকেটৰ দীৰ্ঘতম ফৰমেটত ৰাহানেৰ 12 সংখ্যক শতক আৰু ৰবীন্দ্ৰ জাদেজাৰ অৰ্ধশতকৰ জৰিয়তে দ্বিতীয় টেষ্টত ভাৰতে শক্তিশালী স্থিতিত উপনীত হয় ৷
ধাৱানে সাংবাদিকক কয়, "বিৰাট কোহলীৰ উপস্থিতিত দ্বিতীয় টেষ্টত ভাৰতে বহু ভাল প্ৰদৰ্শন দেখুৱালে ৷ মই নিশ্চিত যে, ভাৰতে শৃংখলা দখল কৰিব ৷ তেওঁলোকে খুব ভাল প্ৰদৰ্শন কৰিছে আৰু বলিং আৰু বেটিং উভয়তে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে ৷ ইয়াৰ পৰা এয়া প্ৰমাণিত হৈছে যে, আমাৰ দল বিশ্বৰ যিকোনো দলৰ সৈতে মুখামুখি হ'বলৈ সাজু ৷"
তেওঁ কয়, "মই সুখী যে, অত্যধিক চাপৰ মাজতো আমাৰ খেলুৱৈসকলে ভাল প্ৰদৰ্শন কৰিছে ৷" উল্লেখ্যে যে, শেহতীয়াকৈ ধাৱানে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱাইট বল ছিৰিজত অংশগ্ৰহণ কৰিছিল আৰু দুটা অৰ্ধশতক সহ 201 ৰাণ সংগ্ৰহ কৰিছিল ৷
লগতে পঢ়ক : AUS বনাম IND দ্বিতীয় টেষ্ট : 8 উইকেটত জয় সাব্যস্ত ভাৰতৰ