ETV Bharat / sports

ইডেন গাৰ্ডনত অনুষ্ঠিত হ’ব দিবা-নৈশ টেষ্ট - ভাৰত-বাংলাদেশৰ মাজত দিবা-নৈশ টেষ্ট

প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব দিবা-নৈশ আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ ৷ ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব দিবা-নৈশ টেষ্ট মেচ ৷ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব এই দিবা-নৈশ টেষ্ট মেচখন ৷

ইডেন গাৰ্ডনত অনুষ্ঠিত হ’ব দিবা-নৈশ টেষ্ট
author img

By

Published : Oct 29, 2019, 11:11 PM IST

স্পৰ্টছ ডেস্ক, 29 অক্টোবৰ: ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব দিবা-নৈশ টেষ্ট মেচ ৷ 22 নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’বলগীয়া মেচখন দিবা-নৈশ টেষ্ট হিচাপে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বিচিচিআইয়ে ৷ যাৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল বাংলাদেশ ক্ৰিকেট বৰ্ডক ৷ এই সন্দৰ্ভত মঙলবাৰে বিচিচিআইৰ প্ৰস্তাৱক সন্মতি প্ৰদান কৰে বাংলাদেশ ক্ৰিকেট বৰ্ডে ৷ সৌৰভ গাংগুলীয়ে বিচিচিআইৰ নৱ নিযুক্ত অধ্যক্ষ পদত অধিষ্ঠিত হোৱাৰ পাচতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ প্ৰথমবাৰৰ বাবে দিবা-নৈশ টেষ্টত অৱতীৰ্ণ হ’ব ভাৰতীয় ক্ৰিকেট দলটো ৷

ভাৰতীয় ক্ৰিকেট দল
ভাৰতীয় ক্ৰিকেট দল

এই সন্দৰ্ভত বাংলাদেশৰ প্ৰশিক্ষক ৰাছেল ড’মিংগোই কয়,

ভাৰতৰ বিৰুদ্ধে ইডেন গাৰ্ডেনত এইখন হ’ব এই বৃহৎ মেচ ৷ এইয়া এক সুন্দৰ সময় ৷ ভাৰতে এতিয়ালৈকে দিবা-নৈশ টেষ্টত অৱতীৰ্ণ হোৱা নাই ৷ দুয়োটা দলৰ বাবে এইয়া এক নতুন অভিজ্ঞতা হ’ব ৷ এই পদক্ষেপে দুয়ো দেশৰ মাজত বন্ধুত্ব বৃদ্ধি কৰিব ৷ উল্লেখ্য যে, পূৰ্বৰ পৰাই পিংক বল তথা দিবা নৈশ টেষ্টৰ সমৰ্থন কৰি আহিছে সৌৰভ গাংগুলীয়ে ৷

উল্লেখ্য যে, ভাৰতৰ বিৰুদ্ধে 3 খন টি-20 আৰু 2 খন টেষ্ট শৃংখলা খেলিবলৈ বুধবাৰে ভাৰতলৈ আহিব বাংলাদেশ ক্ৰিকেট দল ৷

ভাৰতীয় দলৰ টেষ্ট শৃংখলাৰ সদস্য হৈছে- বিৰাট কোহলি (অঃ), ৰোহিত শৰ্মা, ময়ংক আগৰৱাল, চেতেশ্বৰ পূজাৰা, অজ্যিংকা ৰাহানে (সঃঅঃ), হনুমা বিহাৰী, ঋদ্ধিমান সাহা (উইকেটকীপাৰ), ৰবিন্দ্ৰ জাডেজা, ৰবিচন্দ্ৰন আশ্বিন, কুলদ্বীপ যাদৱ, মহম্মদ ছামী, উমেশ যাদৱ, ইশান্ত শৰ্মা, শুভমন গিল, ঋষভ পন্ত ৷

বাংলাদেশ ক্ৰিকেট দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.