স্পৰ্টছ ডেস্ক, 22 ডিচেম্বৰ : বিশাখাপট্টনমত অনুষ্ঠিত হোৱা দ্বিতীয় এদিনীয়াত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বৃহৎ বিজয় সাব্যস্ত কৰাৰ পাচত দেওবাৰে অনুষ্ঠিত হ'ব শৃংখলাৰ অন্তিম তথা চূড়ান্ত মেচ ৷ অন্তিম মেচত দুয়ো দলে শৃংখলা দখলৰ লক্ষ্যৰে নামিব ৷ ইয়াৰ পূৰ্বে দুয়ো দলে এখনকৈ মেচত জয়লাভ কৰাৰ ফলত 1-1 ত ড্ৰ' হৈ আছে ৷
উল্লেখ্য যে, প্ৰথম এদিনীয়াত ৱেষ্ট ইণ্ডিজে ভাৰতীয় দলক পৰাস্ত কৰাৰ পাচত দ্বিতীয় এদিনীয়াত ৱেষ্ট ইণ্ডিজক ভাৰতে 107 ৰাণত পৰাস্ত কৰিছিল৷ এই শৃংখলা ভাৰতে দখল কৰিবলৈ সক্ষম হ'লে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এয়া ভাৰতীয় দলৰ ক্ৰমাগত 10 সংখ্যক দ্বিপাক্ষিক শৃংখলা জয় হ'ব ৷
ভাৰতৰ অ'পেনিং বেটছমেন ৰোহিত শৰ্মা আৰু কে. এল. ৰাহুল সুন্দৰ ফৰ্মত আছে ৷ দ্বিতীয় এদিনীয়াত 227 ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়িবলৈ সক্ষম হৈছিল দুয়োগৰাকী অ'পেনাৰে ৷ আনহাতে, বলিং বিভাগত দীপক চাহাৰ আঘাতপ্ৰাপ্ত হোৱাৰ বাবে নৱদ্বীপ চাইনীয়ে খেলাৰ সুযোগ লাভ কৰিছে ৷ ইয়াৰ জৰিয়তে চাইনীয়ে এদিনীয়া ক্ৰিকেটত আত্মপ্ৰকাশ কৰাৰ সুবিধা লাভ কৰিব ৷ ইয়াৰোপৰি, লেগ স্পীনাৰ কুলদীপ যাদৱেও সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ লগতে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত দুটাকৈ হেট্ৰিক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে ৷
সম্ভাব্য দল -
ভাৰত - বিৰাট কোহলী, ৰোহিত শৰ্মা, মায়ংক আগৰৱাল, কে. এল. ৰাহুল, শ্ৰেয়াস আয়াৰ, মনিষ পাণ্ডে, ঋষভ পন্ত, শিৱম ডুবে, কেদাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, য়ুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, নৱদ্বীপ ছাইনী, মহম্মদ ছামী, শাৰদুল ঠাকুৰ ৷
ৱেষ্ট ইণ্ডিজ - সুনীল অম্বৰিছ, শ্বাই হোপ, খাৰী পিয়েৰ, ৰ'ষ্টন চেজ, অলজাৰি জোছেফ, কেইৰণ পোলাৰ্ড, ছেলড্ৰন কট্ৰেল, ব্ৰেণ্ডন কিং, নিকোলাছ পুৰান, শ্বিমৰন হেথমেয়াৰ, এভিন লিৱিছ, ৰোমাৰিঅ' শ্বেফাৰ্ড, জেছন হ'ল্ডাৰ, কিমো পল, হেডেন ৱেলথ জুনিয়ৰ ৷
আৰু পঢ়ক : FIH হকী ষ্টাৰছ, 2019 সন্মানৰ বাবে মনোনীত লালৰেমছিয়ামি