ETV Bharat / sports

সৰ্বাধিক ছয় কোবোৱাৰ অভিলেখ ভাৰত-দক্ষিণ আফ্ৰিকা প্ৰথম টেষ্টৰ

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত প্ৰথম টেষ্টত সৰ্বাধিক ছয় সংগ্ৰহৰ অভিলেখ স্থাপন হৈছে ৷ দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ ডেন পিয়েডে মেচৰ 36 সংখ্যক ছয় কোবোৱাৰ পাছতে এই নতুন অভিলেখ স্থাপন হয় ৷

author img

By

Published : Oct 6, 2019, 3:13 PM IST

ডেন পিয়েড

স্পৰ্টছ ডেস্ক, 6 অক্টোবৰ : ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত প্ৰথম টেষ্টত সৰ্বাধিক ছয় সংগ্ৰহৰ অভিলেখ স্থাপন হৈছে ৷ দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ ডেন পিয়েডে মেচৰ 36 সংখ্যক ছয় কোবোৱাৰ পাছতে এই নতুন অভিলেখ স্থাপন হয় ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে 2014 চনৰ নৱেম্বৰত নিউজিলেণ্ড বনাম পাকিস্তান টেষ্ট মেচত 35 টা ছয় কোবোৱাৰ অভিলেখ স্থাপন হৈছিল ৷

ভাৰত-দক্ষিণ আফ্ৰিকা প্ৰথম টেষ্ট

ইয়াৰোপৰি, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হ'ল ৰবিচন্দ্ৰন অশ্বিনে ৷ টেষ্ট ক্ৰিকেটত 350 টা উইকেট সম্পূৰ্ণ কৰি মুথিয়া মুৰলীধৰণৰ অভিলেখৰ সমপৰ্যায়ৰ হ'ল অশ্বিন ৷

প্ৰথমখন মেচত 203 ৰানৰ বৃহৎ জয় সাব্যস্ত কৰি তিনিখনীয়া টেষ্ট শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰিছে ভাৰতীয় দলে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.