ETV Bharat / sports

বাতিল হ'ল ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ প্ৰথমখন এদিনীয়া

বৰষুণৰ বাবে বাতিল কৰা হ'ল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন এদিনীয়া ৷ টছ অবিহনেই বাতিল প্ৰথমখন এদিনীয়া ৷

author img

By

Published : Mar 12, 2020, 7:50 PM IST

বাতিল হ'ল ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন এদিনীয়া

স্পৰ্টছ ডেস্ক, 12 মাৰ্চ: ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখন এদিনীয়া মেচ শৃংখলাৰ প্ৰথমখন মেচ বৰষুণৰ বাবে বাতিল কৰা হয় ৷ হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত হোৱাৰ কথা আছিল এই প্ৰথমখন মেচ ৷ বৰষুণৰ বাবে মেচখনত টছ পৰ্যন্তও কৰা সম্ভৱ নহ'ল ৷ দিনৰ 1.30 বজাত অনুষ্ঠিত হোৱাৰ কথা আছিল প্ৰথমখন এদিনীয়া ৷ দ্বিতীয়খন এদিনীয়া অহা 13 মাৰ্চত লক্ষ্ণৌত অনুষ্ঠিত হ'ব ৷

উল্লেখ্য যে, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই পূৰ্বেই মেচখনত বৰষুণে বিধি-পথালি দিব বুলি আগ জাননী প্ৰদান কৰিছিল ৷ এই খেলপথাৰখনত বৰ্তমানলৈকে 4 খন এদিনীয়া মেচ অনুষ্ঠিত হৈছে ৷ আনহাতে 2017 চনত টেষ্ট আৰু 2015 চনত টি-20 বিশ্বকাপো আয়োজন কৰা হৈছে এই খেলপথাৰত ৷ বৰ্তমালৈকে 8 খন টি-20 মেচ অনুষ্ঠিত হৈছে ধৰ্মশালা ষ্টেডিয়ামত ৷

লগতে চাওক- শিল্পী ৰূপম ভূঞাৰ পত্নীৰ আকস্মিক বিয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.