ETV Bharat / sports

আত্মবিশ্বাসেৰে আজি তৃতীয়খন টি-20 যুঁজত নামিব টিম ইণ্ডিয়া - তৃতীয়খন টি-20 যঁজ

আজি ভাৰত-ইংলেণ্ডৰ তৃতীয়খন টি-20 মেচ ৷ বিৰাট কোহলীৰ নেতৃত্বত অধিক আত্মবিশ্বাসেৰে ইংলেণ্ডৰ বিৰুদ্ধে টি-20 মহাযুঁজত নামিব টিম ইণ্ডিয়া ৷ ইতিমধ্যে এই মহাযুঁজৰ বাবে সাজু হৈছে নৰেন্দ্ৰ মোডী ষ্টেডিয়াম ৷

আত্মবিশ্বাসেৰে আজি তৃতীয়খন টি-20 যঁজত নামিব টিম ইণ্ডিয়া

author img

By

Published : Mar 16, 2021, 4:23 PM IST

নিউজ ডেস্ক, 16 মাৰ্চ : সমতা স্থাপনেৰে নিজৰ স্থিতি অটুট ৰখাৰ পাচতে আজি তৃতীয়খন টি-20 যুঁজত নামিব ভাৰত আৰু ইংলেণ্ড ৷ ইতিমধ্যে ভাৰত-ইংলেণ্ডৰ তৃতীয়খন টি-20 মহাযুঁজৰ বাবে সাজু হৈছে নৰেন্দ্ৰ মোডী ষ্টেডিয়াম ৷

উল্লেখ্য যে, প্ৰথমখন টি-20 মেচত হতাশাজনক প্ৰদৰ্শনেৰে টিম ইণ্ডিয়াই পৰাজয় বৰণ কৰিবলগীয়া হৈছিল ৷ দুৰ্বল বেটিং ফৰ্মৰ বাবে ইংলেণ্ডৰ হাতত 8 উইকেটত পৰাজয় হৈছিল টিম ইণ্ডিয়া ৷

কিন্তু ইয়াৰ পাচতে দ্বিতীয়খন মেচত আকৰ্ষণীয় বেটিঙেৰে টি-20 ছিৰিজত টিম ইণ্ডিয়াই সমতা স্থাপন কৰিবলৈ সক্ষম হ'ল ৷ ঈষান কিষানৰ আগ্ৰাসী বেটিং ফৰ্ম আৰু অধিনায়ক বিৰাট কোহলীৰ বেটিং ফৰ্ম ওভতাই পোৱাৰ ফলত ভাৰতে জয় লাভ কৰে ৷ মেচখনত 7 উইকেটত জয়ী হৈছিল টিম ইণ্ডিয়া ৷

খেলখনত ঈষান কিষানৰ অ'পেনিঙৰ পৰা এক আকৰ্ষণীয় বেটিং ফৰ্ম দেখা গৈছিল ৷ 32 টা বলত 56 ৰানৰ বৰঙণিয়ে ভাৰতৰ বাবে জয় সহজ কৰি তুলিছিল ঈশান কিষানে ৷ সমান্তৰালভাৱে কেইবাখনো মেচত ব্যৰ্থ বেটিং ফৰ্মৰ পাচতে দ্বিতীয়খন টি-20 মেচত বেটিং ফৰ্ম ঘোৰাই অনা প্ৰয়াস কৰা দেখা গ'ল বিৰাট কোহলীক ৷ খেলখনত 73 ৰানৰ বৰঙণিয়ে দলটোৰ স্থিতিক শক্তিশালী কৰি তুলিছিল বিৰাট কোহলীয়ে ৷

প্ৰথমখন মেচত দুৰ্বল বেটিঙে হতাশা সৃষ্টি কৰাৰ আৰু দ্বিতীয়খন মেচত অধিক আত্মবিশ্বাস গঢ়ি তোলা টিম ইণ্ডিয়াই আজি তৃতীয় মেচতো জয়ৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷ আজিৰ খেলখনত ৰোহিত শৰ্মাই প্ৰত্যাৱৰ্তন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: পৰ্যটকৰ বাবে বৃদ্ধি হ'ব পাৰে তাজমহলৰ টিকটৰ মূল্য !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.